তিনিচুকীয়া, আগষ্ট 08 : মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাত ৷ তিনিচুকীয়াৰ গেলাপুখুৰীৰ শদিয়া ভৱনৰ সম্মুখত বুধবাৰে নিশা উদ্ধাৰ হৈছে দুটি নৱজাতকৰ মৃতদেহ ৷ এটা পুখুৰীৰ পাৰত কাৰ্টনত ভৰাই থোৱা অৱস্থাত মৃত নৱজাতক দুটি প্ৰত্যক্ষ কৰে এজন স্থানীয় লোকে ৷ ঘটনা সন্দৰ্ভত ব্যক্তিগৰাকীয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় তিনিচুকীয়া আৰক্ষী ৷ পাচত নৱজাতক দুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ অহা হয় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷
কাৰ্টনত উদ্ধাৰ দুটি মৃত নৱজাতক
তিনিচুকীয়াৰ গেলাপুখুৰীৰ শদিয়া ভৱনৰ সম্মুখত বুধবাৰে নিশা উদ্ধাৰ হৈছে দুটি নৱজাতকৰ মৃতদেহ ৷ এটা পুখুৰীৰ পাৰত কাৰ্টনত ভৰাই থোৱা অৱস্থাত মৃত নৱজাতক দুটি প্ৰত্যক্ষ কৰে এজন স্থানীয় লোকে ৷
কাৰ্টনত উদ্ধাৰ দুটি মৃত নৱজাতক
আনহাতে, এই পৰ্যন্ত লাভ কৰা নাই নৱজাতক দুটিৰ পিতৃ-মাতৃৰ পৰিচয় ৷ একাংশ লোকৰ মতে কোনো লোকে নিজৰ অবৈধ প্ৰেমৰ কলংক মোচন কৰিবলৈ এইদৰে পেলাই থৈ গ'ল দুটি নিষ্পাপ শিশুক ৷ এই ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সঘনাই সমাজত সংঘটিত হৈ থকা এনেবোৰ ঘটনাই যেন মানৱতাৰ স্খলনকেই বাৰে বাৰে চিহ্নিত কৰিছে ৷