অসম

assam

ETV Bharat / state

কৰ’ণাতংক : ম্লান পৰিছে মৰাণ বিহু - মায়ামৰা বৈষ্ণৱপন্থী মৰাণ জনগোষ্ঠী

কোভিড-19ৰ ফলত মায়ামৰা বৈষ্ণৱপন্থী মৰাণ জনগোষ্ঠীৰো ৰঙালী বিহুটি ম্লান পৰিছে ৷ মায়ামৰা বৈষ্ণৱপন্থী আৰু মৰাণ জনগোষ্ঠীৰ লোকসকলে প্ৰতিবছৰে অসমীয়া নৱবৰ্ষৰ বহাগ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা,বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু উদযাপন কৰে ৷ কিন্তু এইবাৰ সামাজিক দুৰত্ব বজাই ৰাখি ডেকা-গাভৰুসকলে কেৱল নিয়ম পালন কৰিয়েই হেঁপাহৰ বিহুটি সামৰিছে ৷

কৰ’ণাতংক : ম্লান পৰিছে মৰাণ বিহু
কৰ’ণাতংক : ম্লান পৰিছে মৰাণ বিহু

By

Published : Apr 24, 2020, 9:00 PM IST

তিনিচুকীয়া, 24 এপ্ৰিল :কোভিড-19ৰ সন্ত্ৰাসৰ ফলত সমগ্ৰ অসমতে এইবাৰ ৰঙালী বিহুৰ ম্লান পৰা পৰিলক্ষিত হৈছে ৷ উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ তিনিখন জিলাত ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা বসবাস কৰি অহা মায়ামৰা বৈষ্ণৱপন্থী মৰাণ জনগোষ্ঠীৰো ৰঙালী বিহু এইবাৰ ম্নান পৰিল ৷ প্ৰতিবছৰে অসমীয়া নৱবৰ্ষৰ বহাগ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা,বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু উদযাপন কৰে মায়ামৰা বৈষ্ণৱপন্থী আৰু মৰাণ জনগোষ্ঠীৰ লোকসকলে ।

কৰ’ণাতংক : ম্লান পৰিছে মৰাণ বিহু

কিন্তু এইবাৰ কেৱল পৰম্পৰা আৰু ধৰ্মীয় নীতি-নিয়ম ৰক্ষা কৰিয়েই ৯ আৰু ১০ বহাগত গৰু বিহু আৰু মানুহ বিহু থুলমূলকৈ পালন কৰিছে ১৫৮ টা খেলেৰে গঠিত এই জনগোষ্ঠীটোৱে । লক ডাউনৰ বাবে প্ৰতিখন গাঁৱৰ পথাৰৰ মাজৰ বৃহৎ গছৰ তলত বিহু অনুষ্ঠিত নকৰি আৰু মৰাণসকলৰ স্বকীয় সংস্কৃতিৰে ভৰ-পূৰ ৰাতি বিহু উদযাপন নকৰি সামাজিক দুৰত্ব বজাই ৰাখি ডেকা-গাভৰুসকলে কেৱল নিয়ম পালন কৰিয়েই সামৰিছে হেঁপাহৰ বিহুটি।

লগতে পঢ়ক : লক ডাউনৰ মাজতো বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত

ABOUT THE AUTHOR

...view details