শদিয়া, 10 জামুৱাৰী : কৰ’ণা মহামাৰীৰ পিচতে এতিয়া অসমত লাহে লাহে বলিবলৈ আৰম্ভ কৰিছে 21 ৰ নিৰ্বাচনীক বতাহ ৷ এফালে অসমত নতুন আঞ্চলিকতাবাদী ধৰা প্ৰতিষ্ঠাৰ সংকল্পৰে নতুন আঞ্চলিক দলৰ ৰাজনৈতিক শক্তি প্ৰদৰ্শন আনফালে আঞ্চলিকবাদক ধূলিস্যাৎ কৰি পুনৰ ৰাষ্ট্ৰীয়তাবাদী চৰকাৰ গঠনৰ সংকল্পৰে শাসকীয় দল বিজেপিৰ ৰাজনৈতিক তৎপৰতা ৷ ইয়াৰ সমান্তৰালভাৱে পিছ পৰি ৰোৱা নাই বিৰোধী স্থিতিত থকা কংগ্ৰেছ এআইউডিএফও ৷ সকলোৰে লক্ষ্য হৈ পৰিছে এতিয়া 2021 ৰ বিধান সভা নিৰ্বাচন ৷
বৰ্তমান অসমৰ ৰাজনৈতি প্ৰেক্ষাপটলৈ যদি লক্ষ্য কৰা যায় তেতিয়া পোনচাতেই দৃষ্টিগোচৰ হয় শাসকীয় দল বিজেপি আৰু নতুন কৈ উত্থান হোৱা আঞ্চলিক শক্তি মাজত চলি থকা ৰাজনৈতিক বাক যুদ্ধ ৷ কা' আন্দোলনৰ পটভূনিত উত্থান হোৱা আঞ্চলিক শক্তিয়ে স্পষ্টকৈ 21 নিৰ্বাচনত ৰাষ্ট্ৰীয়তাবাদী শক্তিক উফৰাই আঞ্চলিকতাবাদী চৰকাৰ গঠনৰ হুংকাৰ তথা ৰাইজক আশ্বাস প্ৰদান কৰিছে ৷ ইয়াৰ বিপৰীতে অসমত নতুনকৈ থন ধৰি উঠা আঞ্চলিকতাবাদ ভুৱা, এই আঞ্চলিকতাবাদ এক মাত্ৰ ক্ষমতা দখলৰ বাবেহে আদি কথাৰে অসমৰ ৰাইজক পতিয়ন যোৱাবলৈ চেষ্টা চলাইছে বিজেপিয়ে ৷ যাৰ বাবে বিজেপিৰ প্ৰত্যেকজন নেতাই ইজনৰ লগত সিজনে সুৰত সুৰ মিলাই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰা দেখা গৈছে ৷