অসম

assam

ETV Bharat / state

মানসিক বিকাৰগ্ৰস্ত কন্যাক লৈ জীৱন যুদ্ধত এগৰাকী পিতৃ

কাকপথাৰৰ ৰাজপথত কৰুণ দৃশ্য ৷ মানসিক বিকাৰগ্ৰস্ত কন্যাক লৈ জীৱন যুদ্ধত এগৰাকী পিতৃ ৷ কিশোৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰ-প্ৰশাসন তথা দল সংগঠনৰ সহায়ৰ প্ৰয়োজন ৷

By

Published : Sep 10, 2019, 6:40 PM IST

মানসিক বিকাৰগ্ৰস্ত কন্যাক লৈ জীৱন যুদ্ধত এগৰাকী পিতৃ

তিনিচুকীয়া, 10 চেপ্তেম্বৰঃ কাকপথাৰৰ ৰাজপথত কৰুণ দৃশ্য ৷ মানসিক বিকাৰগ্ৰস্ত কন্যাক লৈ জীৱন যুদ্ধত এগৰাকী পিতৃ ৷ কাকপথাৰৰ লক্ষী নামৰ চাহ জনজাতীয় এগৰাকী কিশোৰী প্ৰায় এবছৰৰ পূৰ্ৱে মানসিক ৰোগত আক্ৰান্ত হৈ বৰ্তমান সম্পূৰ্ণ ৰূপে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাত নিৰুপায় হৈ পৰিছে কিশোৰী গৰাকীৰ পিতৃ ৷ অতি দুখীয়া পৰিয়ালৰ কিশোৰী গৰাকীৰ চিকিৎসাৰ বাবে পিতৃয়ে বহু টকা পইচা খৰচ কৰিছিল যদিও সুস্থ হৈ নুঠিল কিশোৰী গৰাকী ৷ এতিয়া নিশা দুপৰলৈকে কাকপথাৰ চহৰৰ আশে পাশে মানসিকভাৱে বিকাৰগ্ৰস্ত লক্ষীৰ পিছে পিছে পিতৃ ঘুৰি ফুৰিব লগীয়া হোৱা দৃশ্যই সকলো হৃদয়বান লোককে চিন্তিত কৰি তুলিছে ৷ কিশোৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰ-প্ৰশাসন তথা দল সংগঠনৰ সহায়ৰ প্ৰয়োজন ৷

মানসিক বিকাৰগ্ৰস্ত কন্যাক লৈ জীৱন যুদ্ধত এগৰাকী পিতৃ

ABOUT THE AUTHOR

...view details