ডুমডুমা, 19 চেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে হস্তী মানুহৰ সংঘাত ৷ তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ নতুন মাইথং গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ ৷ কথমপি প্ৰাণ ৰক্ষা পাঁচটাকৈ পৰিয়ালৰ ৷ বুধবাৰে নিশা বন্যহস্তীৰ এটা দলে গাঁওখনত প্ৰৱেশ কৰি লণ্ড ভণ্ড কৰে কেইবাটাও বাসগৃহ ৷ হাতীৰ জাকটোৱে গাঁও খনৰ বাসিন্দা ক্ৰমে যোগেছ ভূমিজ, বার্না লাকৰা, অনুচ্ছেন ওৰাং , ৰতন সমাসী আৰু সন্তোষ ওৰাং নামৰ লোক কেইজনৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভাঙি পেলোৱাৰ লগতে খাদ্য শস্যও ভক্ষণ কৰে ৷ আনহাতে হাতীৰ জাকটোৰ এই আক্ৰমণৰ ফলত শিশু সহ কেইবাজনো লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷
তিনিচুকীয়াত ভয়ানক হস্তী-মানৱ সংঘাত - হস্তী
তিনিচুকীয়াৰ ফিল'বাৰীত বন্যহস্তীৰ দলে লণ্ড ভণ্ড কৰিলে কেইবাটাও বাসগৃহ ৷ কথমপি প্ৰাণ ৰক্ষা শিশু সহ কেইবাজনো লোকৰ ৷
তিনিচুকীয়াত ভয়ানক হস্তী মানুহৰ সংঘাত
উল্লেখযোগ্য যে, পূৰ্বতেও অঞ্চলটোত বন্য হস্তীৰ উপদ্ৰৱে গাঁওবাসীক আতংকিত কৰি আহিছে ৷ কিন্তু এই বিষয়ে স্থানীয় বন সংমণ্ডলক বহুবাৰ অৱগত কৰিছে যদিও হস্তী মানুহৰ সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷