তিনিচুকীয়া, 2 জানুৱাৰী :বৰ্তমানেও অব্যাহত আছে লাইকা-দধিয়াবাসীৰ প্ৰতিবাদ ৷ পুনৰ সংস্থাপন বিচাৰি নিৰবিচ্চিন্নভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ উল্লেখ্য যে, তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ লেজাইহোলাত TMPK, MMK, TMMK তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে পুনৰ সংস্থাপন বিচাৰি আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ দাবীত 20 ডিচেম্বৰৰ পৰা অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ প্ৰতিবাদে সম্পূৰ্ণ 13 টা দিন অতিক্ৰম কৰাৰ পিচতো চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ তুলিছে লাইকা-দধিয়াবায়ীয়ে ৷
শনিবাৰে লাইকা-দধিয়াবাসীৰ মনৰ বুজ লবলৈ তিনিচুকীয়াত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা, চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, অজয় ফুকন, বিৰিঞ্চি নেওগ, প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাকে ধৰি বহু কেইগৰাকী নেতাকৰ্মী উপস্থিত হয় ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী উপস্থিত হৈ গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷