মাৰ্ঘেৰিটা, 20 জুনঃমাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ । চাকৰি দিয়াৰ প্ৰলোভনেৰে চিকিৎসক গৰাকীয়ে যুৱতী এগৰাকীক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ তুলিছে স্বয়ং যুৱতী গৰাকীৰ লগতে তেওঁৰ পৰিয়ালে ৷
মাৰ্ঘেৰিটা কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসক সঞ্জীৱ সোণোৱাল নামৰ চিকিৎসকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ যুৱতীগৰাকী আৰু তেওঁৰ আত্মীয়ৰ ভাষ্য অনুসৰি চিকিৎসকজনে তেওঁক চাকৰিৰ বাবে নিমন্ত্ৰণ কৰে আৰু তেওঁক ভিন্ন ধৰণে আপত্তিজনক প্ৰস্তাৱ দিয়ে ৷ Whastapp যোগে দিয়া আপত্তিজনক মেছেজৰ প্ৰস্তাৱৰ প্ৰমাণ আছে বুলি যুৱতী গৰাকীয়ে দাবী জনায় ৷