মাৰ্ঘেৰিটা,১৬জুন :মাৰ্ঘেৰিটাৰ জাগুনত ভুৱা সাংবাদিকৰ দপদপনি । অঞ্চলটোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বত্বাধিকাৰৰ পৰা আৰম্ভ কৰি বৈধ-অবৈধ শিলৰ কুৱাৰী, বালিৰ মহলৰ মালিকক ব্লেকমেইলিঙেৰে ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে ভুৱা সাংবাদিকৰ বিৰুদ্ধে ।
বনাঞ্চলিক বিষয়াক ধন দাবী ভুৱা সাংবাদিকৰ - মাৰ্ঘেৰিটা
জাগুন বন বিভাগৰ বনাঞ্চলিক বিষয়া পদুম বৰপাত্ৰগোঁহাইক ধন দাবী এটা ব্যক্তিগত ৰাষ্ট্ৰীয় চেনেলৰ সাংবাদিক বুলি চিনাকি দিয়া এজন ভুৱা সাংবাদিকৰ ৷

বনাঞ্চলিক বিষয়াক ধন দাবি ভুৱা সাংবাদিকৰ
বনাঞ্চলিক বিষয়াক ধন দাবি ভুৱা সাংবাদিকৰ
শেহতীয়াকৈ জাগুন বন বিভাগৰ বনাঞ্চলিক বিষয়া পদুম বৰপাত্ৰগোহাইক নিজকে এটা ৰাষ্ট্ৰীয় চেনেলৰ সাংবাদিক বুলি চিনাকী দি এজন ব্যক্তিয়ে দীৰ্ঘদিন ধৰি কৰি আহিছে ধন দাবী । বিভিন্ন ভয়-ভাবুকিৰে মানসিকভাৱে শাস্তি দি লোকজনৰ পৰা ধন লোৱাৰ লগতে শেহতীয়াকৈ বিষয়াজনক এক লাখ টকা দাবী কৰা পাছতেই পোহৰলৈ আহিছে এই ঘটনাটো । তাৎপৰ্যপূৰ্ণ যে, ব্যক্তিগত ৰাষ্ট্ৰীয় চেনেল এটাৰ "লগ" বনাই নিজকে উক্ত চেনেলটোৰ সাংবাদিক বুলি পৰিচয় দি বিভিন্ন উৎসৰ পৰা লক্ষাধিক টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপিত হৈছে ভুৱা সাংবাদিকজনৰ বিৰুদ্ধে ।
Last Updated : Jun 16, 2019, 8:52 PM IST