মাৰ্ঘেৰিটা 31 মেঃ ৰাজ্যখনৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বৰগোলাইস্থ ৰাষ্ট্ৰীয় ঘাই পথত সৃষ্টি হৈছে পুখুৰী সদৃশ দ দ গাঁত ৷ উল্লেখযোগ্য যে, পাৱৈৰ পৰা লিডু লৈকে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই ৰাইজক জ্বলা কলা খুৱাই আহিছে । বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশত দ দ গাঁতৰ সৃষ্টি হৈছে । আনকি আজি বহু স্কুলীয়া ছাত্ৰ ছাত্ৰীক কঢ়িয়াই অনা যান বাহন আদবাটৰ পৰাই উভতি যাবলৈ বাধ্য হয় ।
মাৰ্ঘেৰিটাত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ - margherita
ৰাজ্যখনৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বৰগোলাইস্থ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে পুখুৰী সদৃশ দ দ গাঁত ৷
মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথ বিধ্বস্ত
ইয়াৰোপৰি খৰালি সময়ত এই পথটো ধূলিময় হৈ পৰে আৰু বাৰিষা সময়ত ঠাইয়ে ঠাইয়ে একাঁঠু পানীৰ সৃষ্টি হয় ৷ যাৰ বাবে পথচাৰী তথা গাড়ী চালকৰ বাবে এই পথটো হৈ পৰিছে মৰণফাণ্ড সদৃশ ৷ বৃহস্পতিবাৰে এই বিধ্বস্ত পথৰ অন্যতম অংশ নিৰ্মাণৰ দাবীত বৰগোলাইত অটো মেজিক চালক সকলে পথ অৱৰোধেৰে দুই ঘন্টা স্বাভাৱিক জনজীৱন অচল কৰি তুলিছিল ।