অসম

assam

ETV Bharat / state

নলবাৰীৰ ঘটনাৰ বিৰুদ্ধে মাৰ্ঘেৰিটা AJPৰ প্ৰতিবাদ

লুৰীণজ্যোতি গগৈৰ বাহনক লক্ষ্য কৰি এদল উদণ্ড যুৱকে নলবাৰী জিলাৰ কালাগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা দি মাৰ্ঘেৰিটা AJPৰ প্ৰতিবাদ ৷

By

Published : Mar 2, 2021, 7:24 PM IST

নলবাৰীৰ ঘটনাৰ বিৰুদ্ধে মাৰ্ঘেৰিটা AJPৰ প্ৰতিবাদ
নলবাৰীৰ ঘটনাৰ বিৰুদ্ধে মাৰ্ঘেৰিটা AJPৰ প্ৰতিবাদ

মাৰ্ঘেৰিটা,2 মাৰ্চ:বিগত মাহৰ ২৮ তাৰিখে নলবাৰী জিলাৰ কালাগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাহনক লক্ষ্য কৰি এদল উদণ্ড যুৱকে আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ গৰিহণা আৰু নিন্দা কৰিছে সকলোৱে ৷ মঙলবাৰে এই ঘটনাৰ প্ৰতিবাদ জনাই AJP ৰ মাৰ্ঘেৰিটা সমিতিয়ে চাংলাং তিনিআলিৰ পৰা ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়াই ৷

নলবাৰীৰ ঘটনাৰ বিৰুদ্ধে মাৰ্ঘেৰিটা AJPৰ প্ৰতিবাদ

অসমত বিজেপিৰ গুন্দাগিৰি নচলিব, বিজেপি গ'বেক, অসম চৰকাৰৰ হায় হায় আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে আক্ৰমণৰ ঘটনাত জৰিত থকা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে । উল্লেখ্য যে এই প্ৰতিবাদী সমদলক নেতৃত্ব দিয়ে AJPৰ ৰাজ্যিক সম্পাদক সঞ্জয় কুমাৰ দেৱে ।

নলবাৰীৰ ঘটনাৰ বিৰুদ্ধে মাৰ্ঘেৰিটা AJPৰ প্ৰতিবাদ
লগতে পঢ়ক:শ্ৰমিকৰ সৈতে মত বিনিময় চামেলিৰূপী প্ৰিয়ংকা গান্ধীৰ

ABOUT THE AUTHOR

...view details