অসম

assam

ETV Bharat / state

Rehabilitation of flood victims: কৰ্দৈগুৰিৰ 24 টাকৈ বানাক্ৰান্ত পৰিয়ালৰ সংস্থাপন কেতিয়া ? - তিনিচুকীয়াৰ ডুমডুমাৰ বিতৰ্কিত চাহ ব্যৱসায়ী

10 টাকৈ দিন অতিক্ৰম কৰাৰ পিছতো ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰচণ্ড গৰমত আশ্ৰয় শিবিৰ পাতি থাকিবলগীয়া হৈছে বানাক্ৰান্ত কেইবাটাও পৰিয়াল(Rehabilitation of flood victims) । এই সন্দৰ্ভত সংবাদ মাধ্যমযোগে ক্ষোভ প্ৰকাশ কৰি কৰ্দৈগুৰি আঞ্চলিক যুৱ সংঘৰ উপদেষ্টা ৰহেন্দ্র মৰাণে উপস্থাপন কৰিলে সমগ্ৰ ঘটনাৰ কেতবোৰ বিষয় । চাওক সবিশেষ...

kordoiguri-flood-victims-problems
কৰদৈগুৰিৰ 24 টাকৈ বানাক্ৰান্ত পৰিয়ালৰ সংস্থাপন কেতিয়া ?

By

Published : Aug 10, 2022, 2:10 PM IST

তিনিচুকীয়া, 10 আগষ্ট:কৰ্দৈগুৰিৰ 24 টাকৈ বানাক্ৰান্ত পৰিয়ালৰ সংস্থাপন কেতিয়া ? 10 টাকৈ দিন অতিক্ৰম কৰাৰ পিছতো ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰচণ্ড গৰমত আশ্ৰয় শিবিৰ পাতি থাকিবলগীয়া হৈছে কেইবাটাও বানাক্ৰান্ত পৰিয়াল(Rehabilitation of flood victims) ।

কৰদৈগুৰিৰ 24 টাকৈ বানাক্ৰান্ত পৰিয়ালৰ সংস্থাপন কেতিয়া ?

উল্লেখ্য যে, 1992 চনৰ পৰাই বান-গৰাখহনীয়াৰ কৱলত পৰি আশ্রয়হীন হোৱা প্ৰায় 600 তকৈও অধিক পৰিয়ালে অঘৰীৰ দৰে জীৱন-যাপন কৰি আহিছে । কিন্তু শেহতীয়াকৈ কৰ্দৈগুৰিৰ 24 টা পৰিয়ালক চৰকাৰে সংস্থাপনৰ বাবে 1 বিঘাকৈ ভূমি আৱণ্টন দিছিল যদিও সেই ভূমিৰ পৰা ৰূপক দত্ত নামৰ এজন লোকে অতি অমানৱীয়ভাৱে খেদি পঠিয়াইছিল । যাৰ ফলশ্ৰুতিত উপায়ন্তৰ হৈ বিগত 31 জুলাইৰ পৰা ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গনত আশ্ৰয় শিবিৰ পাতি থাকিবলগা হৈছে ।

বৰ্তমান এই সন্দৰ্ভত সংবাদ মাধ্যমযোগে ক্ষোভ প্ৰকাশ কৰিছে কৰ্দৈগুৰি আঞ্চলিক যুৱ সংঘৰ উপদেষ্টা ৰহেন্দ্র মৰাণে লগতে উপস্থাপন কৰে সমগ্ৰ ঘটনাৰ কেতবোৰ বিষয় ।

সম্প্ৰতি, মৰাণ জনজাতিৰ তালাপ-কৰ্দৈগুৰি আঞ্চলিক সমিতিৰ কেউটা সংগঠনৰ যৌথ উদ্যোগত, স্থানীয় দল-সংগঠন, বান বিধ্বস্ত পৰিয়াল আৰু ৰাইজৰ সহযোগত চৰম নিৰাপত্তাহীনতাত ভোগা 24 টা বান বিধ্বস্ত পৰিয়ালক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান আৰু অতিশীঘ্ৰে পুনঃসংস্থাপনৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ দাবী, সমূহ বান বিধ্বস্ত পৰিয়ালক অতিশীঘ্ৰে পুনঃসংস্থাপন, ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

উল্লেখ্যে যে, ডুমডুমাৰ বিতৰ্কিত চাহ ব্যৱসায়ী ৰূপক দত্তক 7 আগষ্টত গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ ফিল’বাৰীৰ টেঙানি সোণজানত বিতৰ্কিত চাহ ব্যৱসায়ীগৰাকীৰ অবৈধ চাহ বাগান উচ্ছেদ কৰি প্ৰশাসনে কৰ্দৈগুৰিৰ বান-খহনীয়াত সৰ্বস্বান্ত হোৱা ২৪টা পৰিয়ালক সংস্থাপিত কৰিছিল যদিও সেই স্থানৰ পৰা ৰূপক দত্তই খেদি পঠিওৱাৰ পিছতে ফিল’বাৰী আৰু ডুমডুমা থানাত ৰূপক দত্তৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ এই গোচৰৰ ভিত্তিতেই ৰূপক দত্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Tinsukia police arrested Rupak Dutta) ।

উল্লেখ্য, দেওবাৰে আলফা স্বাধীনেও সংবাদ মাধ্যমলৈ ৰূপক দত্তক সেই স্থান এৰি দিবলৈ সকীয়নি প্ৰদান কৰিছিল ৷ ইফালে, আলফা স্বাধীনে ৰূপক দত্তৰ বিৰুদ্ধে হুংকাৰ দিয়াৰ পিছতহে প্ৰশাসনে সাৰ পোৱা বুলি সচেতন মহলত চৰ্চা চলিছে । জাতি, মাটি, ভেটিৰ কথা কোৱা চৰকাৰখনে এইসকল বানপীড়িত পৰিয়ালক কেতিয়া সংস্থাপন দিব বৰ্তমান সময়ত এয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।

লগতে পঢ়ক :SMSS protest in Tinsukia: ছাত্ৰ মুক্তিৰ সদস্যই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details