অসম

assam

ETV Bharat / state

ডিৰাক চুমনি বান্ধ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

দেওবাৰে বিয়লি ছয় বজাত স্থানীয় বিধায়ক বলীন চেতিয়া আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীক লগত লৈ মন্ত্ৰীগৰাকীয়ে মথাউৰিটোৰ গৰাখহনীয়া ৰোধৰ কাম বিজ্ঞানসন্মতভাৱে সোমবাৰৰ পৰা আৰম্ভ কৰিবলৈ বিভাগটোক নিৰ্দেশ দিয়ে ৷

By

Published : May 5, 2019, 11:58 PM IST

ডিৰাক চুমনি বান্ধ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ, সোমবাৰৰ পৰা কাম আৰম্ভ কৰাৰ নিৰ্দেশ বিভাগীয় কতিৰ্পক্ষক

শদিয়া, 2 মে’: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক চোমনি মথাউৰি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ দেওবাৰে বিয়লি ছয় বজাত স্থানীয় বিধায়ক বলীন চেতিয়া আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীক লগত লৈ মন্ত্ৰীগৰাকীয়ে মথাউৰিটোৰ গৰাখহনীয়া ৰোধৰ কাম বিজ্ঞানসন্মতভাৱে সোমবাৰৰ পৰা আৰম্ভ কৰিবলৈ বিভাগটোক নিৰ্দেশ দিয়ে ৷

ডিৰাক চুমনি বান্ধ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ, সোমবাৰৰ পৰা কাম আৰম্ভ কৰাৰ নিৰ্দেশ বিভাগীয় কতিৰ্পক্ষক

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰীগৰাকী উপস্থিত হৈ সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া কামৰ বাবে ইতিমধ্যে যাৱতীয় সামগ্ৰী আহি পাইছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷ বিগত সময়ত মথাউৰিটো নিৰ্মাণৰ বাবে অহা ধন সদ্ব্যৱহাৰ নকৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কেশৱ মহন্তই উপযুক্ত প্ৰমাণ পালে দোষী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে ৷

উল্লেখ্য যে যোৱা ২ মে’ত ডিৰাক চোমনি পুৰণি মথাউৰিটো চিঙি অঞ্চলটো প্লাবিত হোৱাত প্ৰায় 45 টা পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হৈছিল ৷

ABOUT THE AUTHOR

...view details