শদিয়া,28 ফেব্ৰুৱাৰী: কাকপথাৰৰ কাচিজানৰ পৰা টঙনা-নগাঁও সংযোগী পথ নিৰ্মাণত বিসংগতি স্পষ্ট ৷ নিৰ্মাণৰ এসপ্তাহৰ পিছতেই চপৰা-চপৰে এৰিছে পকি পথ ৷ উপায়বিহিন টঙনা-নগাঁৱৰ ৰাইজে পথৰ ওপৰত বহি সাব্যস্ত কৰে প্ৰতিবাদ ৷
উল্লেখ্য যে, গড়কাপ্তানী বিভাগৰ ৮,৫০০ কিল’মিটাৰ দৈৰ্ঘৰ পথচোৱাৰ বাবে প্ৰায় ৪৯,৪৬,৯৯৪ টকা আৱণ্টন দিয়া হৈছিল ৷ কিন্তু তিনিচুকীয়াৰ বিৰ্তকিত ঠিকাদাৰ জিতুল গোঁহাইয়ে এই ধনৰ উচিত ব্যৱহাৰ নকৰি কেৱল মাটিৰ ওপৰতে পথ নিৰ্মাণ কৰাৰ ফলতে মাত্ৰ এসপ্তাহতে পথচোৱা খহি পৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে ৷