অসম

assam

ETV Bharat / state

ৰোগীক দিলে চেলাইন, তাৰ পাছত নাই চিকিৎসক-নাৰ্ছঃ কাকপথাৰৰ ঘটনা - hospital

প্ৰায় শতাধিকত গাঁৱৰ চিকিৎসাৰ একমাত্ৰ সম্বল এই প্ৰাথমিক চিকিৎসালয়খন । চিকিৎসালয়খনত এনে ধৰণৰ অৰাজকতাই দুৰ্ভোগ ভোগাইছে ৰাইজক ৷  এনেধৰণৰ কৰ্তব্যত গাফিলতি কৰা চিকিৎসক, নাৰ্ছৰ বিৰুদ্ধে চিকিৎসা বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ৷

চেলাইন লগাই চিকিৎসক নাৰ্চ অনুপস্থিতঃ ৰোগীৰ হাহাকাৰ

By

Published : Jun 16, 2019, 10:27 AM IST

তিনিচুকীয়া, ১৬ জুনঃ তিনিচুকীয়া কাকপথাৰ প্ৰাথমিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ, চেলাইন লগালেও পাছত চাবলৈ নাই চিকিৎসক-নাৰ্ছ ৷

কাকপথাৰ প্ৰাথমিক চিকিৎসালয়ত সময়মতে চিকিৎসক নথকাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ । বহু দূৰ-দুৰণিৰ পৰা অহা ৰোগীসকলে চিকিৎসালয়খনত চিকিৎসক নথকাত চিকিৎসা নকৰাকৈয়ে উভতি যাবলগীয়া হৈছে । উল্লেখ্য যে, চিকিৎসালয়খনত দিনৰ ভাগত মৈত্ৰেয়ী গগৈ নামৰ এগৰাকী চিকিৎসক দায়িত্বত আছিল যদিও দায়িত্বৰ পৰা সোনকালে গুচি যায় । ফলত বিয়লি পাঁচ বজাৰ পৰা প্ৰায় আঠ বজালৈকে চিকিৎসকৰ উপৰিও চেলাইন লগাই এৰোৱাবলৈও নাৰ্চ নথকা অভিযোগ উঠিছে ।

চেলাইন লগাই চিকিৎসক নাৰ্চ অনুপস্থিতঃ ৰোগীৰ হাহাকাৰ

লগতে আন এটা বাতৰি- জাপি দিলেই গ্ৰহণ কৰা নহ'ব কোনো শিক্ষা নীতি -সমুজ্জল কুমাৰ ভট্টাচাৰ্য


প্ৰায় শতাধিকত গাঁৱৰ চিকিৎসাৰ একমাত্ৰ সম্বল এই প্ৰাথমিক চিকিৎসালয়খন । চিকিৎসালয়খনত এনে ধৰণৰ অৰাজকতাই দুৰ্ভোগ ভোগাইছে ৰাইজক ৷ এনেধৰণৰ কৰ্তব্যত গাফিলতি কৰা চিকিৎসক, নাৰ্ছৰ বিৰুদ্ধে চিকিৎসা বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ৷

ABOUT THE AUTHOR

...view details