অসম

assam

ETV Bharat / state

চাইকেলেৰে যাত্ৰা কৰি ডুমডুমাত সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী

ৰাজ্যৰ সাংবাদিকসকলৰ সুৰক্ষাৰ দাবীত বিশ্বনাথৰ পৰা চাইকেল চলাই শদিয়ালৈ যাত্ৰা কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্বনাথৰ সাংবাদিক স্নেহাংকৰ চক্রৱর্তীয়ে । সাংবাদিক স্নেহাংকৰে যােৱা ১৭ নৱেম্বৰৰ পৰা এই যাত্রা আৰম্ভ কৰিছিল ।

journalist-long-distence-cycling
সাংবাদিকৰ সুৰক্ষাৰ দাবীত চাইকেলেৰে যাত্ৰা সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তীৰ

By

Published : Nov 20, 2020, 10:15 PM IST

ডুমডুমা, 20 নৱেম্বৰ :ৰাজ্যত সঘনাই সাংবাদিক সকল একাংশ উদণ্ড লোকৰ আক্ৰমণৰ বলি হৈ অহাৰ পিছতো সাংবাদিক সকলৰ সুৰক্ষাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে সাংবাদিকসকল । শেহতীয়াকৈ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনা আৰু মিলন মহন্তৰ ওপৰত চলোৱা আক্ৰমণৰ পিছতে প্ৰাণৰ সংশয়ত ভুগিছে বহু সাংবাদিকে । ৰাজ্যৰ সাংবাদিকসকলৰ সুৰক্ষাৰ দাবীত বিশ্বনাথৰ পৰা চাইকেল চলাই শদিয়ালৈ যাত্ৰা কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্বনাথৰ সাংবাদিক স্নেহাংকৰ চক্রৱর্তীয়ে ।

সাংবাদিকৰ সুৰক্ষাৰ দাবীত চাইকেলেৰে যাত্ৰা সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তীৰ

উল্লেখ্য যে,সাংবাদিক স্নেহাংকৰে যােৱা ১৭ নৱেম্বৰৰ পৰা এই যাত্রা আৰম্ভ কৰিছিল । সাংবাদিকগৰাকী শুকুৰবাৰে ডুমডুমাত উপস্থিত হৈ পুনৰ শদিয়ালৈ যাত্ৰা কৰে । ডুমডুমাত সাংবাদিকগৰাকীক ডুমডুমা প্ৰেছ ক্লাবে সম্বৰ্ধনা জনাই এই যাত্ৰাত উৎসাহ যোগাই ।
লগতে পঢ়ক: তিনিচুকীয়াৰ হাপজান বৰনামঘৰৰ ১২১ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান সম্পন্ন

ABOUT THE AUTHOR

...view details