অসম

assam

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চোৰাং তেল জব্দ

By

Published : Aug 18, 2021, 5:43 PM IST

অইল ইণ্ডিয়া লিমিটেডৰ তেল চোৰাং ভাবে চুৰি কৰি আহিছে এটা দুষ্ট চক্ৰই ৷ মাজে সময়ে আৰক্ষীয়ে অভিযান চলাই এই তেল চুৰি কাৰ্যৰ লগত জড়িত বহুলোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ তাৰ মাজতে মঙলবাৰেও তিনিচুকীয়াত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চোৰাং তেল জব্দ কৰিবলৈ সক্ষম হৈছে ৷

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চোৰাং তেল জব্দ
তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চোৰাং তেল জব্দ

তিনিচুকীয়া,18 আগষ্ট: উজনি অসমৰ বিভিন্ন প্ৰান্তত দীৰ্ঘ দিনৰ পৰা চোৰাং ভাৱে তেল চুৰি কৰি আহিছে এটা দুষ্ট চক্ৰই ৷ মাজে সময়ে আৰক্ষীয়ে অভিযান চলাই এই তেল চুৰি কাৰ্যৰ লগত জড়িত বহুলোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ অতি পৰিতাপৰ কথা যে, আজিও এই দুষ্ট চক্ৰটোৱে আৰক্ষীৰ চকুত ধুলি দি গোপনে অব্যাহত ৰাখিছে তেল চুৰি কাৰ্য ৷

তাৰ মাজতে মঙলবাৰে পুৱাই তিনিচুকীয়াত আৰক্ষীয়ে অভিযান চলাই এটা চোৰাং তেল চুৰি চক্ৰৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে ৷ মঙলবাৰে পুৱা অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তাৰ দায়িত্বত থকা শচীন কুমাৰৰ নেতৃত্ব এটা দলে অভিযান চলাই তিনিচুকীয়া জিলাৰ বাৰেকুৰী আৰক্ষী থানাৰ অন্তৰ্গত যজ্ঞোখোৱাত ৷ অভিযানকাৰী দলটোৱে পথাৰত মজুত কৰি ৰখা এখন টুলুঙা নাও সহ প্ৰায় ৯,০০০ লিটাৰ চোৰাং কনডেন্স তেল জব্দ কৰিবলৈ সক্ষম হৈছে ।

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চোৰাং তেল জব্দ

লগতে পঢ়কঃ কাকপথাৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটি পক্ষী

জানিব পৰা মতে, ধেলাখাট আঁহতগুৰিৰ ১৬ নং ৱেলৰ পৰা যজ্ঞোখোৱা পথাৰৰ মাজেৰে অইলৰ বাৰেকুৰি OCS লৈ পাৰহৈ যোৱা পাইপলাইন ফুটা কৰি চোৰাং চক্ৰটোৱে অঞ্চলটোত দৈনিক তেল চুৰি কৰি আহিছিল ৷ উল্লেখযোগ্য যে, বৰ্তমানো অভিযানকাৰী দলটোৱে তেল চুৰি কাৰ্যৰ লগত জড়িত থকা কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তা বাহিনীয়ে বাৰেকুৰী আৰক্ষী থানাত ঘটনাৰ সৰ্ন্দভত এখন এজাহাৰো দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

আনহাতে মঙলবাৰে বিয়লি তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ বড়ো আৰু বৰডুবি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইন্দ্ৰেশ্বৰী পেগুৰ নেতৃত্বত লাংকাচি আৰক্ষী চকীৰ সহযোগত এটা দলে অভিযান চলাই ৷ অভিযানকালত তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত ডিমৰুহোলা গাৱঁৰ বাসিন্দা উমানন্দ মৰাণ আৰু আদিত্য মৰাণ নামৰ ব্যক্তি দুজনৰ বাসগৃহৰ পৰা কেইবাখনো চাৰিচকীয়া বাহন সহ প্ৰায় ৫,০০০ লিটাৰ চোৰাং কনডেন্স তেল জব্দ কৰিবলৈ সক্ষম হৈছে ।

মন কৰিবলগীয়া যে, যজ্ঞোখোৱাৰ দৰে বৰডুবিতো অভিযানকাৰী দলটোৱে চোৰাং তেলৰ বেহাৰ লগত জড়িত কোনো ব্যক্তিকে আটক কৰিবলৈ সক্ষম নহ’ল ৷ সম্প্ৰতি ঘটনাৰ সৰ্ন্দভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : মহিলাসকলেও দিব পৰিব NDAৰ পৰীক্ষা

ABOUT THE AUTHOR

...view details