অসম

assam

ETV Bharat / state

ৰাজ্যত অব্যাহত আছে কয়লাৰ ছিণ্ডিকেট! - ৰাজ্যত পৃথকে পৃথকে জব্দ কয়লাভৰ্তি ট্ৰাক

ৰাজ্যত এতিয়াও চলি আছে ক'লা সোণৰ অবৈধ ব্যৱসায় ৷ এচাম ৰাজনৈতিক নেতাৰ ছত্ৰছায়াতে এইদৰে ৰাজ্যত কয়লাৰ অবৈধ ব্যৱসায় চলি থকাৰ অভিযোগ ৷ বুধবাৰে ৰাজ্যৰ তিনিচুকীয়া আৰু যোৰাবাটত পৃথকে পৃথকে জব্দ হয় অবৈধ কয়লাভৰ্তি কেবাখনো ট্ৰাক ৷

ৰাজ্যত পৃথকে পৃথকে জব্দ কয়লাভৰ্তি ট্ৰাক

By

Published : Oct 31, 2019, 3:32 AM IST

Updated : Oct 31, 2019, 8:09 AM IST

তিনিচুকীয়া আৰু গুৱাহাটী, 30 অক্টোবৰঃ ৰাজ্যত অব্যাহত আছে অবৈধ কয়লাৰ ৰমৰমীয়া ব্যৱসায়। বিশেষকৈ উজনি অসমৰ মাৰ্ঘেৰিটা, জয়পুৰত ধাৰাবাহিকভাৱে কয়লা খনন কৰি ৰমৰমীয়া ব্যৱসায় চলাই আছে একাংশ কয়লা মাফিয়াই ৷ বুধবাৰে তিনিচুকীয়াৰ লাইপুলিত দুখনকৈ অবৈধ কয়লাভৰ্তি ট্ৰাক জব্দ কৰে তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ এটা দলে ৷ যুৱ কংগ্ৰেছৰ কৰ্মীসকলে লাইপুলি পেট্ৰ'ল পাম্পত ৰখাই থোৱা অৱস্থাত জব্দ কৰে AR-55V-3360আৰু PB-04AA-7213 নম্বৰৰ দুখনকৈ ট্ৰাক ৷ যুৱ কংগ্ৰেছৰ দলটোৱে প্ৰথমে চাৰিখন কয়লাভৰ্তি ট্ৰাক জব্দ কৰে যদিও দুখন কয়লাভৰ্তি ট্ৰাক পলাই যাবলৈ সক্ষম হয় ৷ পলায়ন কৰা ট্ৰাক দুখনৰ নম্বৰ AS-01LC-2346 আৰু HR-55V-3360 বুলি জানিব পৰা গৈছে ৷ মাৰ্ঘেৰিটাৰ কয়লা মাফিয়া বি.গনেশৰ নেতৃত্বতে এইদৰে কয়লাসমূহ বহিঃৰাজ্যলৈ সৰবৰাহ হৈ আছে বুলি যুৱ কংগ্ৰেছী শিৱনাথ চেতিয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

ৰাজ্যত পৃথকে পৃথকে জব্দ কয়লাভৰ্তি ট্ৰাক

ইপিনে মহানগৰীৰ সমীপৰ যোৰাবাটত আৰক্ষীয়ে জব্দ কৰে চোৰাং কয়লাভৰ্তি দুখনকৈ ট্ৰাক ৷ যোৰাবাট আৰক্ষীয়ে আৰক্ষী চকীৰ সমুখৰ পৰাই জব্দ কৰে অবৈধ কয়লা ভৰ্তি AS-01CC-7797 আৰু BR-21GA-7037 পঞ্জীয়নভুক্ত ট্ৰাক দুখন । ইয়াৰে AS-01CC-7797 নম্বৰৰ ট্ৰাকখন মেঘালয়ৰ বৰ্নিহাটৰ পৰা গুৱাহাটীৰ বেলতলাৰ বেহাৰবাৰীলৈ গৈ আছিল । আনহাতে BR-21GA-7797 নম্বৰৰ ট্ৰাকখন বৰ্নিহাটৰ পৰা বিহাৰৰ মুঙ্গেৰ লৈ যাবলৈ লৈছিল ৷ ঘটনা সন্দৰ্ভত আনাৱৰ হুছেইন (24, নগাওঁ নীলবাগান) আৰু মোহম্মদ আক্ৰম খান (32, পাটনা বিহাৰ) নামৰ ট্ৰাকচালক দুগৰাকীক আৰক্ষীয়ে আটক কৰিছে । যোৰাবাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

লগতে চাওকঃশ্বিলঙত ভয়ংকৰ দুৰ্ঘটনাত পতিত বিএচএফ'ৰ বাহন

Last Updated : Oct 31, 2019, 8:09 AM IST

ABOUT THE AUTHOR

...view details