অসম

assam

ETV Bharat / state

ড্ৰাগছৰ ব্যৱসায়ত আশা কৰ্মী ! - মোবাইল হেণ্ড ছেট আৰু মাৰুটী এল্ট জব্দ

পেঙেৰীত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ 4 জনক আটক ৷ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া আৰু বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত ড্ৰাগছখিনি জব্দ হয় ৷ প্ৰায় চাৰি লাখ টকা মূল্যৰ ড্ৰাগছ খিনিৰ সৈতে এখন এল্ট গাড়ীও আৰক্ষীয়ে জব্দ কৰে ৷

পেঙেৰীত ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ 4 জনক আটক
পেঙেৰীত ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ 4 জনক আটক

By

Published : Oct 9, 2020, 9:46 AM IST

ডুমডুমা, 9 অক্টোবৰ: পেঙেৰীত বৃহৎ পৰিমানৰ ড্ৰাগছ উদ্ধাৰ ৷ বৃহস্পতিবাৰে নিশা অভিযান চলাই আৰক্ষীয়ে ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ এখন এল্ট' গাড়ী জব্দ কৰা লগতে ঘটনাৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰে ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পুনা গগৈ আৰু বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাৰ্ণিছ পেগুৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে ড্ৰাগছখিনি জব্দ কৰে । ঘটনাৰ বিৱৰণী অনুসৰি মাৰ্ঘেৰিটাৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ লৈ দলটোৱে বৰডুমছা অভিমুখে গতি কৰিছিল ৷ আৰক্ষীৰ দলটোৱে পেঙেৰীৰ পেট্ৰ’ল পাম্পৰ নিকটৱৰ্তী পেঙেৰী-বৰডুমচা পথত এগৰাকী মহিলাসহ চাৰিজন লোক অহা এ এছ ২৩ জি ৯৭৫৬ নম্বৰৰ মাৰুটী এল্ট’ বাহনখন আগভেটি ধৰি ড্ৰাগছসহ মহিলা গৰাকীকে ধৰি আটাইকেইজনক আটক কৰিবলৈ সক্ষম হয় ৷

ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ 4 জনক আটক

জানিব পৰা মতে, কঁ‌ঠালগুৰিৰ নিৱাসী ব্ৰজেন বৰুৱাৰ পত্নী তথা আশা কৰ্মী ৰেখা বৰুৱা (৪০)সহ তেওঁৰ পুত্ৰ লক্ষ্যজিৎ বৰুৱা (১৯), বৰডুমচাৰ ২ নং মহঙৰ জগত দেউৰীৰ পুত্ৰ ভূপেন দেউৰী (৪৪), ইনথেমৰ প্ৰফুল্ল গিদিঙৰ পুত্ৰ মহেশ চিংফৌ (২৭) ৰ জিম্মাৰ পৰা দুটা টোপোলাত থকা প্ৰায় ২৭.৫ গ্ৰাম ওজনৰ ‘হিৰ’ইন’ জব্দ কৰে । হিৰ’ইন খিনিৰ বজাৰ মূল্য প্ৰায় 4 লাখ টকা হ'ব বুলি ধাৰণা কৰা হৈছে ৷ হিৰ’ইনৰ টোপোলাটোৰ উপৰিও এটা মোবাইল হেণ্ড ছেট আৰু মাৰুটী এল্ট’খন জব্দ কৰি আৰক্ষীৰ দলটোৱে ৰেখা বৰুৱাৰ কঁ‌ঠালগুৰিস্থিত বাসগৃহতো অভিযান চলায় ৷ অভিযান কালত বাসগৃহটোৰ পৰা ২৩৭ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে বহু সংখ্যক নগদ ধনো জব্দ কৰে ।

উল্লেখ্য যে এই ঘটনাৰ পাছতে এই অভিযানৰ সফল নেতৃত্ব দিয়া আৰক্ষী বিষয়া দুগৰাকীকো পেঙেৰী- বৰডুমচাবাসীয়ে ধন্যবাদ জনোৱাৰ বিপৰীতে স্থানীয় ৰাইজে ৰেখা বৰুৱাৰ পৰিয়ালক গাঁৱৰ পৰা এঘৰীয়া কৰাৰ লগতে গাঁও এৰি যাবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক:ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আইছা আৰু চি.পি.আই(এম-এল)ৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details