তিনিচুকীয়া, 17 অক্টোবৰ: 2024 বৰ্ষত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন (Lok Sabha elections 2024) ৷ লোকসভা নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহ । শাসনাধিষ্ঠিত বিজেপি দলক গাদীচুত্য কৰাৰ উদ্দেশ্যে ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈছে কংগ্ৰেছ দলো । কংগ্ৰেছৰ সমান্তৰালকৈ বিজেপিক হৰুৱালৈ প্ৰস্তুত হৈছে AIUDF দলো ।
উল্লেখ্য যে, AIUDFৰ কৰিমুদ্দিন বৰভূঞাই কংগ্ৰেছক কটাক্ষ কৰি কেতবোৰ মন্তব্য আগবঢ়াই (AIUDF Karim Uddin Barbhuiya slammed Congress) । কৰিমুদ্দিন বৰভূঞাৰ প্ৰত্যুত্তৰত আজি চাবুৱাৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুয়ে কয়," কৰিমুদ্দিন বৰভূঞাই পাগলৰ দৰে বকি আছে ৷ বিজেপি আৰু এ আই ডি এফ এই দুয়োটা দল হৈছে সাম্প্ৰদায়িক দল ৷ কংগ্ৰেছ দলে এইবাৰ সিদ্ধান্ত লৈছে যে কোনো সাম্প্ৰদায়িক দলেৰে কংগ্ৰেছে মিত্ৰতা নকৰে ৷ এ আই ডি এফ দলে কৈছে যদি কংগ্ৰেছে যদি মিত্ৰতা নকৰে কংগ্ৰেছ বিগ জিৰ' ৷ জিৰ' কোন হ’ব অহা সময়ত কৰিমুদ্দিন বৰভূঞাই গম পাব (Former Chabua MLA Raju Sahu slammed AIUDF)৷"
তেওঁ লগতে কয়,"কংগ্ৰেছৰ হাতত ধৰি এ আই ডি এফ দলৰ মন্ত্ৰী বিধায়ক হৈ জয়যুক্ত হৈছে ৷ কিন্তু এইবাৰ এ আই ডি এফ দল এটা বিগ জিৰ' হ’ব ৷ কৰিমুদ্দিন বৰভূঞাই কৈছে কংগ্ৰেছৰ বোলে সমষ্টিবিলাকত প্ৰাৰ্থী নাই ৷ কিন্তু কৰিমুদ্দিন বৰভূঞাই নাজানে এটা এটা সমষ্টিত কংগ্ৰেছৰ তিনি চাৰিগৰাকীকৈ প্ৰাৰ্থী আছে ৷ কংগ্ৰেছে এ আই ডি এফ দল বাদ দিয়াৰ পিছত তেওঁলোকৰে অসুবিধা হ’ব প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত ৷ গতিকে এনেধৰণৰ সাম্প্ৰদায়িক দলৰ লগত কংগ্ৰেছে মিত্ৰতা নকৰে "৷