অসম

assam

ETV Bharat / state

মাকুমত নগদ ধন আৰু নিচাজাতীয় সামগ্ৰীসহ ৫ সৰবৰাহকাৰী আটক

তিনিচুকীয়া জিলাৰ মাকুমত বৃহস্পতিবাৰে মাকুম লাংকাচি, বজালনী আৰু নগাজানবাসী ৰাইজৰ সহযোগত 5 টা ড্ৰাগছ সৰবৰাহকাৰীক হাতে লোটে ধৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰী কেইজনৰ পৰা কিছু পৰিমাণৰ ড্ৰাগছ, এটা চিৰিঞ্জ আৰু নগদ ৫০,০০০ হাজাৰ টকা পাবলৈ সক্ষম হয় (Five drugs peddler arrested at Makum)

By

Published : Oct 27, 2022, 10:51 PM IST

Five drugs peddler arrested at Makum
মাকুমত নগদ ধন আৰু নিচাজাতীয় সামগ্ৰীসহ 5 সৰবৰাহকাৰী আটক

তিনিচুকীয়া, ২৭ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission in Assam)৷ অসম চৰকাৰ আৰু প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে নিতৌ অভিযান অব্যাহত ৰাখিছে যদিও একাংশ অপৰাধীয়ে চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা (Drugs smuggling in Tinisukia)৷

এইবাৰ তিনিচুকীয়া জিলাৰ মাকুমত বৃহস্পতিবাৰে মাকুম লাংকাচি, বজালনী আৰু নগাজানবাসী ৰাইজৰ সহযোগত 5 টা ড্ৰাগছ সৰবৰাহকাৰীক হাতে লোটে ধৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি ড্ৰাগছ সেৱনকাৰী কেইবাজনো যুৱকক আটক কৰে গাঁৱৰ ৰাইজে ৷ ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰী কেইজনৰ পৰা কিছু পৰিমাণৰ ড্ৰাগছ, এটা চিৰিঞ্জ আৰু নগদ ৫০,০০০ হাজাৰ টকা পাবলৈ সক্ষম হয় (Five drugs peddler arrested at Makum)৷

মাকুমত নগদ ধন আৰু নিচাজাতীয় সামগ্ৰীসহ 5 সৰবৰাহকাৰী আটক

লগে লগে গাঁৱৰ লোকে লাংকাচি আৰক্ষী চকী আৰু ভাদৈ আৰক্ষী চকীত খবৰ দিয়াৰ পিছতে আৰক্ষীৰ দলদ্বয় উপস্থিত হৈ যুৱককেইজনক আৰক্ষীৰ জিম্মাত লৈছে ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰী কেইজন ক্ৰমে ডুমডুমা ৰূপাইৰ বিজয় নগৰৰ গীত ৰঞ্জন গগৈ (১৯), স্নিদ্ধ হাজৰিকা (১৭), ডিব্ৰুগড় জিলা ২ নং কঁঠালগুৰিৰ জুজু বুঢ়াগোহাঁই (২২), লাংকাচি গাঁৱৰ জিন্টু চেতিয়া (৩০) আৰু পিয়াংকু মৰাণ ওৰফে ফাতাং (২২) । ইতিমধ্যে আৰক্ষী যুৱককেইজনক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Barmese supari seized: কাছাৰৰ দিগৰখালত জব্দ বাৰ্মিজ চুপাৰী

ABOUT THE AUTHOR

...view details