ডুমডুমা,8 ডিচেম্বৰঃ আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি ডুমডুমাত নিতৌ সংঘটিত হ'বলৈ ধৰিছে চুৰি-ডকাইতিৰ দৰে ঘটনা । বিগত কিছুদিন ধৰি ডুমডুমাৰ লগতে ইয়াৰ পাশ্চৱৰ্তী অঞ্চল সমূহত প্ৰতিদিনাই সংঘটিত হৈ আহিছে চুৰি-ডকাইতিৰ ঘটনা । কিছুদিন পূৰ্বে ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰবৰগুৰি গাঁৱৰ পৰা এখন JAWA-42-ABS (বুলেট) বাহন চুৰি হৈছিল ।
ফিল'বাৰীৰ পৰা চুৰি হোৱা বাহন ডুমডুমাত জব্দ - আৰক্ষীয়ে থানালৈ
ডুমডুমাৰ বাদলাবেটা বাইপাছত ডুমডুমা আৰক্ষীৰ নাকা-চেকিংত কাকপথাৰৰ প্ৰিয়ম মহন্ত নামৰ এজন যুৱকে AS-23-Y-2306 নম্বৰৰ JAWA-42 ABS বুলেট মটৰ চাইকেলখন লৈ অহাৰ সময়তে আৰক্ষীৰ সন্দেহ হোৱাত মটৰ চাইকেলসহ যুৱকজনক আৰক্ষীয়ে থানালৈ লৈ আনে । পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত মটৰ চাইকেলখন ফিল'বাৰীৰ পৰা চুৰি হোৱা বুলি তথ্য লাভ কৰি ঘটনা সম্পৰ্কে এক গোচৰ পঞ্জীয়ন কৰে ।
যোৱা নিশা ডুমডুমাৰ বাদলাবেটা বাইপাছত ডুমডুমা আৰক্ষীৰ নাকা-চেকিংত কাকপথাৰৰ প্ৰিয়ম মহন্ত নামৰ এজন যুৱকে AS-23-Y-2306 নম্বৰৰ JAWA-42 ABS বুলেট মটৰ চাইকেলখন লৈ অহাৰ সময়তে আৰক্ষীৰ সন্দেহ হোৱাত মটৰ চাইকেলসহ যুৱকজনক আৰক্ষীয়ে থানালৈ লৈ আনে । পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত মটৰ চাইকেলখন ফিল'বাৰীৰ পৰা চুৰি হোৱা বুলি তথ্য লাভ কৰি ঘটনা সম্পৰ্কে এক গোচৰ পঞ্জীয়ন কৰে ।
আনহাতে, ডুমডুমাত সঘনাই সংঘটিত হৈ থকা ডকাইতিৰ ঘটনাত ব্যৱহৃত দুখন মটৰ চাইকেল কৰ্দৈগুৰিৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে যদিও ডকাইতি ঘটনাৰ লগত জড়িত এজনকো ডুমডুমা আৰক্ষীয়ে বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই । যাৰ ফলত ডুমডুমা আৰক্ষীৰ ভূমিকাত ক্ষুভিত হৈ পৰিছে অঞ্চলটোৰ সাধাৰণ লোকসকল ।
লগতে পঢ়কঃ কৃষি আইন বাতিলৰ দাবীৰে মহানগৰীত কৃষক মুক্তিৰ প্ৰতিবাদ