তিনিচুকীয়া, 10 মে': তিনিচুকীয়াৰ ফিল'বাৰীৰ অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হ'য় এখন সম্বৰ্ধনা অনুষ্ঠান । ফিল'বাৰী অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সান্নিধ্যত গঢ় লৈ উঠা অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়খনে সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অকুণ্ঠ শ্ৰম, ত্যাগ কৰা বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধা তথা সন্মান প্ৰদৰ্শন কৰাৰ বাবে শুকুৰবাৰে বিদ্যালয় প্ৰেক্ষাগৃহত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হ'য় ।
ফিল'বাৰীৰ অৰুণোদয়ত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন - etv bharat
সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি 'অৰুণোদয়' নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই
বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰণৱ কুমাৰ ফুকনৰ লগতে বিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক এই অনুষ্ঠানটোত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি স্মৃতি গ্ৰন্থও প্ৰকাশ কৰা হয় । মনোৰঞ্জন সোণোৱালৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা 'অৰুণোদয়' নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই । অনুষ্ঠানটোত লিখক, সাংবাদিক তথা 'দৈনিক জনমভূমি'ৰ তিনিচুকীয়া সংস্কৰণৰ কাৰ্যবাহী অধ্যক্ষ অৰূপ বৰকটকী, ডিব্ৰুগড় হনুমান বক্স কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াৰ লগতে অঞ্চলটোৰ বহুসংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে ৷