অসম

assam

ETV Bharat / state

বিকশিত অসমৰ নগ্ন ৰূপঃ জৰাজীৰ্ণ বাহঁৰ দলঙেৰে বিপদসংকুৰ যাত্ৰা

কুম্ভকৰ্ণৰ নিদ্ৰাত জনপ্ৰতিনিধি ৷ জৰাজীৰ্ণ বাঁহৰে দলঙেৰে নিতৌ আহ-যাহ গাওঁবাসীৰ ৷ অনতিপলমে স্থায়ী সমাধান নকৰিলে যোগ্য প্ৰত্যুতৰ দিয়াৰ হুংকাৰ আগন্তুক নিৰ্বাচনত ৷

DOOMDOMA BAMBOO BRIDGE
জৰাজীৰ্ণ বাহঁৰ দলঙেৰে বিপদসংকুৰ যাত্ৰা

By

Published : Feb 4, 2020, 3:04 PM IST

ডুমডুমা, 4 ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত ইনথেম গাঁও পঞ্চায়তৰ টেকেৰী নামচাইৰ পৰা মূংগং পথাৰ সংযোগী একমাত্ৰ পথৰ পেঙেৰী নলাৰ ওপৰত অৱস্থিত জৰাজীৰ্ণ বাহৰ দলং। এই দলঙৰ ওপৰেৰে দৈনিক ছাত্ৰ-ছাত্ৰী, পথচাৰীয়ে অতি বিপদজনক ভাৱে স্কুল, বজাৰ-সমাৰলৈ অহা-যোৱা কৰে ৷

এই বাহঁৰ দলখনৰ পৰিৱৰ্তে এখন স্থায়ী দলং নিৰ্মাণ কৰি দিবলৈ কেইবাবাৰো স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোক সভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীক গাওঁবাসীয়ে আবেদন নিবেদন কৰি আহিছে যদিও বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ নকৰাত ক্ষোভিত হৈ পৰিছে টেকেৰী মূংগংপথাৰ বাসী ৰাইজ ৷ অনতিপলমে যদি উক্ত বাহঁৰ দলংখনৰ পৰিবৰ্তে পকী দলংৰ ব্যৱস্থা কৰি নিদিয়ে তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্তুত্যৰ দিবা হ'ব বুলি উল্লেখ কৰিছে গাওঁবাসীয়ে ৷

উল্লেখ যে, পেঙেৰী টেকেৰীৰ পৰা মূংগং পথাৰ অঞ্চললৈ যোগাযোগৰ একমাত্ৰ বাঁহৰ দলংখন এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে কেইবাজন লোকে দলংখনৰ পৰা পৰি আহত হোৱাৰ লগতে ৰোগীসকলক চিকিৎসালয়লৈ আনা নিয়া কৰিবলৈ কোনো গাড়ী চলাচল কৰিব নোৱাৰাৰ হেতুকে যথেষ্ট অসুবিধা হোৱা বুলি গাওঁবাসীয়ে মত প্ৰকাশ কৰিছে ৷

জৰাজীৰ্ণ বাহঁৰ দলঙেৰে বিপদসংকুৰ যাত্ৰা

লগতে পঢ়কঃ গোৱালাপাৰৰ ৰংজুলিত শোকাৱহ বাছ দুৰ্ঘটনাঃ এইপৰ্যন্ত নিহত 6 জন

ABOUT THE AUTHOR

...view details