ডুমডুমাত আজৱ কাণ্ডঃ জ্বলা অঙঠাৰে খেলা যুৱতীৰ - assam police
কোনো যাদু নহয় ৷ অবিশ্বাচ্য যেন লাগিলেও সত্য ৷ বিজ্ঞানক প্ৰত্যাহ্বান জনাই পৰম্পৰা ৰক্ষা আৰু ধৰ্মীয় বিশ্বাসৰ দোহাই দি সময়ে সময়ে এনেদৰে প্ৰদৰ্শিত হয় না না ধৰণৰ অদ্ভুত, শিহৰণকাৰী, ভয়ানক আৰু গাৰ নোম শিয়ঁৰি উঠা কাৰ্য কলাপ ।
ডুমডুমা,22মে': তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুই আমগুৰি মহমৰা গাঁৱত ঠিক এনে এক অদ্ভুত আৰু ভয়ানক কাৰ্যকলাপ প্ৰদৰ্শিত হ'য় মঙলবাৰে । গাঁওখনৰ একাংশ যুৱতীৰ গাত মা মংগলা দেবী থকা বুলি ৰাইজক বিশ্বাস জন্মাবৰ বাবেই যুৱতীকেইগৰাকীয়ে কৰি দেখুৱালে এক শিহৰণকাৰী, গাৰ নোম শিয়ঁৰি উঠা অদ্ভূত কাণ্ড । ৰঙা সাজ পৰিহিত যুৱতীকেইগৰাকীয়ে জোঙা গজালেৰে ভৰপূৰ কাঠৰ ওপৰত উদ্দাম নৃত্য কৰাৰ লগতে জ্বলা জুইৰ অঙঠাৰ ওপৰেদি খালি ভৰিৰে পাৰ হৈ দেখুৱালে অদ্ভদ নৃত্য । এই দৃশ্য চাবলৈ মহমৰা গাঁৱৰ এই বিশেষ গৃহটোত ভীৰ লাগে প্ৰায় পাঁচ শতাধিক লোকৰ । বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ ডিজিটেল ইণ্ডিয়াৰ সপোন দেখাৰ সময়তেই এইখন হৈছে অন্ধবিশ্বাসে কৰাল বন্ধা সমাজৰ একাংশ লোকৰ ছবি ৷ ২১ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই সোণালী যুগত ধৰ্মবিশ্বাসৰ নামত এনে অদ্ভূত ঘটনাই ভিতৰুৱা অঞ্চলৰ একাংশ ৰাইজক কোন দিশে গতি কৰাইছে সেয়া হৈ পৰিছে লক্ষণীয় বিষয় ৷