ডিগবৈত ৰোগীক চিকিৎসকৰ দুৰ্ব্যৱহাৰ
সন্ধিয়া পথৰ কাষত ব্যক্তি গৰাকীক পৰি থকা দেখা প্ৰত্যক্ষ কৰি পুণৰ চিকিৎসালয়ত ভৰ্তি কৰাই ডিগবৈৰ কেইবাটাও ছাত্ৰ সংগঠনৰ সদস্যসকলে । লোকজনক স্থানীয় টাইপা, আছু, গোৰ্খা ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে পুণৰ চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসক, নাৰ্চ, কৰ্মচাৰীৰ গাফিলতিক নিন্দা কৰি উত্তপ্ত কৰি তোলে চিকিৎসালয়ৰ চৌহদ ৷
তিনিচুকীয়া, 20 মে': ডিগবৈ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ দুৰ্ঘটনাত আহতক চিকিৎসা নকৰি উভতাই পঠোৱা অভিযোগ একাংশ লোকৰ ৷ দেওবাৰে নিশা চলন্ত ৰে'লৰ পৰা পৰি আহত হোৱা কেশৱ চেত্ৰী নামৰ লোকজনক চিকিৎসা নকৰি উভতাই পঠোৱাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় চিকিৎসালয়খনত ৷ খবৰ অনুসৰি, চলন্ত ৰে'ল পৰা পৰি আহত হৈছিল কেশৱ চেত্ৰী নামৰ লোকজন ৷ আহত লোকজন ডিগবৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি হয় যদিও চিকিৎসালয়খনৰ পৰা কোনো ধৰণৰ চিকিৎসা সেৱা নকৰাৰ অভিযোগ তোলো ব্যক্তি গৰাকীয়ে ৷ আনহাতে, সন্ধিয়া পথৰ কাষত ব্যক্তি গৰাকীক পৰি থকা দেখা প্ৰত্যক্ষ কৰি পুণৰ চিকিৎসালয়ত ভৰ্তি কৰাই ডিগবৈৰ কেইবাটাও ছাত্ৰ সংগঠনৰ সদস্যসকলে । লোকজনক স্থানীয় টাইপা, আছু, গোৰ্খা ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে পুণৰ চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসক, নাৰ্চ, কৰ্মচাৰীৰ গাফিলতিক নিন্দা কৰি উত্তপ্ত কৰি তোলে চিকিৎসালয়ৰ চৌহদ ৷