তিনিচুকীয়া,13 ফেব্ৰুৱাৰীঃ তিনিচুকীয়াত পুনৰ সংঘটিত ধন লুটৰ ঘটনা ৷ বৃহস্পতিবাৰে আবেলি তিনিচুকীয়াৰ চিৰাপট্ৰী পথত প্ৰায় ৩.৩০ বজাত এজন ব্যক্তিৰ পৰা দুৰ্বৃত্তই লুটি লৈ যায় নগদ ২ লাখ ২০ হাজাৰ টকা ৷ ঘটনাৰ বিৱৰণী মতে,দামোদৰ নিৰলা নামৰ এজন ব্যক্তিয়ে তিনিচুকীয়াৰ কানাড়া বেংকৰ পৰা ধনখিনি উলিয়াই আনিছিল ৷ এখন ২২০ পালচাৰ বাইকত অহা দুজন দুৰ্বৃত্তই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা কাঢ়ি লৈ যায় ধনখিনি ।
তিনিচুকীয়াত দুৰ্বৃত্তই লুটি নিলে দুই লক্ষাধিক নগদ ধন
বৃহস্পতিবাৰে আবেলি তিনিচুকীয়াৰ চিৰাপট্ৰী পথত প্ৰায় ৩.৩০ বজাত এজন ব্যক্তিৰ পৰা দুৰ্বৃত্তই লুটি লৈ যায় নগদ ২ লাখ ২০ হাজাৰ টকা ৷ ঘটনাৰ বিৱৰণী মতে,দামোদৰ নিৰলা নামৰ এজন ব্যক্তিয়ে তিনিচুকীয়াৰ কানাড়া বেংকৰ পৰা ধনখিনি উলিয়াই আনিছিল ৷ এখন ২২০ পালচাৰ বাইকত অহা দুজন দুৰ্বৃত্তই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা কাঢ়ি লৈ যায় ধনখিনি ।
ধন লুট
উল্লেখ্য যে,বিগত কিছুদিনত চহৰখনৰ আশে-পাশে এনে ঘটনা সংঘটিত হৈ থকাৰ পিছতো আজিলৈকে এজনো অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ সমগ্ৰ ঘটনাই ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে তিনিচুকীয়া জিলাত ৷ চহৰখনত বিগত তিনিদিনত ধাৰাবাহিকভাৱে ৬ টাকৈ ধন লুটৰ ঘটনা সংঘটিত হয় ৷