ডিৰাক চোমনি বান্ধৰ নিৰ্মাণত লেহেমীয়া গতি, তীব্ৰ আন্দোলনৰ হুংকাৰ - জিঅ‘ বেগ
ৰাজ্যৰ জলসম্পদ মন্ত্ৰীয়ে বিভাগীয় বিষয়া,কৰ্মচাৰীক গৰাখহনীয়া ৰোধৰ কাম ক্ষীপ্ৰ গতিত কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছিল, যদিও সেই নিৰ্দেশ আজিলৈকে কাৰ্যকৰী নহল ৷
তিনিচুকীয়া 29 মেঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ জলন্ত সমস্যা ডিৰাক চোমনি বান্ধৰ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা লেহেমীয়া হোৱাত ক্ষোভ উজাৰিছে ন দিহিং বান্ধ সুৰক্ষা সমিতিয়ে ৷ ৰাজ্যৰ জলসম্পদ মন্ত্ৰীয়ে বিভাগীয় বিষয়া,কৰ্মচাৰীক গৰাখহনীয়া ৰোধৰ কাম ক্ষীপ্ৰ গতিত কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছিল,যদিও সেই নিৰ্দেশ আজিলৈকে কাৰ্যকৰী নহল ৷ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়া বিশ দিন উকলি গল যদিও বৃহৎ নদীখনত গৰাখহনীয়া ৰোধৰ নামত মাত্ৰ ডেৰশটা জিঅ' বেগৰ কাম কৰিয়েই দায়িত্ব সামৰিছে ৷ বিভাগটোৰ কৰ্মচাৰীয়ে কাম কৰা মানুহৰ অভাৱৰ লগতে জিঅ' বেগ বিভাগৰ পৰা দিয়া নাই আদি দায়িত্বজ্ঞানহীন মন্তব্য কৰিয়েই দায়িত্ব সামৰিছে ৷ ন দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিয়ে এনেদৰে লেহেমীয়া গতিত কাম কৰাতকৈ নকৰাই ভাল বুলি মন্তব্য কৰাৰ লগতে তীব্ৰ আন্দোলন কৰাৰো হুংকাৰ দিছে ৷ বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে ক্ষোভেৰে কয় যে অনাগত দিনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে, তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ১৯৯২ চনত ডিৰাক চোমনি বান্ধটো ভগাৰ ফলত প্ৰায় শতাধিকতকৈ অধিক গাঁৱৰ ক্ষতিগ্ৰস্ত হৈছিল ৷