ডুমডুমা-বৰহাপজান-ৰূপাইত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ - Dilapidated road
এবছৰৰো অধিক কাল ধৰি বৰহাপজানৰ পৰা ডুমডুমা, ৰূপাই হৈ তালাপলৈ যোৱা প্ৰায় 18 কিলোমিটাৰ 37 নং ৰাষ্ট্ৰীয় পথছোৱাৰ বিধ্বস্ত অৱস্থাৰ বাবে দুৰ্ভোগ ভুগি আহিছে জনসাধাৰণে ।
ডুমডুমা, ১৫ জুলাই:ৰাজ্যখনৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ বিধস্ত অৱস্থাই সৰ্বসাধাৰণ ৰাইজক জীয়াতু ভুগাইছে । এবছৰৰো অধিক কাল ধৰি বৰহাপজানৰ পৰা ডুমডুমা, ৰূপাই হৈ তালাপলৈ যোৱা প্ৰায় ১৮ কিলোমিটাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথছোৱাৰ বিধ্বস্ত অৱস্থাৰ বাবে দুৰ্ভোগ ভুগি আহিছে জনসাধাৰণে ।
পথছোৱাত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈ যাতায়ত ব্যাহত হোৱাৰ লগতে বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত পথৰ পৰিৱৰ্তে পুখুৰীৰ ৰূপ লৈছে ৰাষ্ট্ৰীয় ঘাইপথটোৱে । ইপিনে যান-বাহন সমূহে পানী ফালি বিপদসংকুলভাৱে অহা-যোৱা কৰাৰ ফলত বহুকেইটা সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈছে । পথছোৱাৰ এনে অৱস্থাৰ ফলত পথচাৰীৰ লগতে বিদ্যালয়-মহাবিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলেও দুৰ্ভোগ ভুগি আহিছে । আনহাতে অঞ্চলটোৰ কেইবাটাও জাতি-জনগোষ্ঠীয় দল-সংগঠনে এই ৰাষ্ট্ৰীয় পথ শীঘ্ৰেই নিৰ্মাণৰ দাবী জনায় আহিছে যদিও চৰকাৰ তথা ৰাজ্যৰ গড়কাপ্তানী বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি কেইবাটাও দল-সংগঠনে অভিযোগ উত্থাপিত কৰিছে ।