মাৰ্ঘেৰিটা,২৭ ফেব্ৰুৱাৰী : উখল-মাখল পৰিৱেশ তিনিচুকীয়া জিলাৰ উত্তৰ মাৰ্ঘেৰিটা নামঘৰত । কিয়নো শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নামঘৰত উদযাপন কৰা হৈছে বাৰ্ষিক কৰ্ম । বাৰ্ষিক কৰ্মৰ লগত সংগতি ৰাখি হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে নামঘৰৰ বাকৰি ।
উখল-মাখল উত্তৰ মাৰ্ঘেৰিটা নামঘৰৰ বাকৰি - উখল মাখল উত্তৰ মাৰ্ঘেৰিটা নামঘৰৰ বাকৰি
উত্তৰ মাৰ্ঘেৰিটা নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বাৰ্ষিক কৰ্ম । সমাজ জীৱনত নামঘৰৰ ভূমিকা সন্দৰ্ভত এক আলোচনা চক্ৰৰ লগতে দিহানাম প্ৰতিযোগিতাৰো আয়োজন কৰা হয় এই অনুষ্ঠানত ।
উখল-মাখল উত্তৰ মাৰ্ঘেৰিটা নামঘৰৰ বাকৰি
সমান্তৰালকৈ এই অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । সমাজ জীৱনত নামঘৰৰ ভূমিকা সন্দৰ্ভত এক আলোচনা চক্ৰৰ লগতে দিহানাম প্ৰতিযোগিতাৰো আয়োজন কৰা হয় নামঘৰত । অঞ্চলটোৰ কেইবাটাও নামৰ দলে অংশগ্ৰহণ কৰে এই দিহানাম প্ৰতিযোগিতাত । সামৰণি কাৰ্যসূচী হিচাপে এক ভাওনাৰো আয়োজন কৰা হৈছে ।
লগতে পঢ়ক:তিনিচুকীয়াত বিশেষভাৱে সক্ষম লোকৰ সভা
TAGGED:
namghar