অসম

assam

ETV Bharat / state

কাকপথাৰত আটছাই উচ্ছেদ কৰিলে চুলাইৰ ঘাটি - liquor

দেওবাৰে কাকপথাৰত চুলাইৰ ঘাটি উচ্ছেদ কৰে চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা কাকপথাৰ উপ শাষা সমিতিয়ে । শদিয়াৰ ডাঙৰী বনাঞ্চলৰ চেলেংগুৰী গাঁৱৰ সমিপত গঢ় লৈ উঠা কেইবাটাও চুলাইৰ ঘাটি উচ্ছেদ কৰে সংগঠনটোৱে ।

কাকপথাৰ
কাকপথাৰত আটছাই উচ্ছেদ কৰিলে চুলাইৰ ঘাটি

By

Published : May 17, 2020, 11:40 PM IST

শদিয়া, ১৭ মে': দেশজুৰি চলি থকা লক ডাউনৰ মাজতে এচাম অসাধু ব্যৱসায়ীয়ে নামি পৰিছে চুলাই, কানি, ড্ৰাগছকে ধৰি মাদক দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায়ত ৷ যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে আটছাই উচ্ছেদ কৰে কেইবাটাও চুলাইৰ ঘাটি । উল্লেখ্য যে, শদিয়াৰ ডাঙৰী বনাঞ্চলৰ চেলেংগুৰী গাঁৱৰ সমিপত গঢ় লৈ উঠাছি কেইবাটাও চুলাইৰ ঘাটি ।

কাকপথাৰত আটছাই উচ্ছেদ কৰিলে চুলাইৰ ঘাটি

এই ঘাটিসমূহ উচ্ছেদ কৰিবলৈ স্থানীয় আৰক্ষী আৰু আবকাৰী বিভাগক সচেতন ৰাইজকে ধৰি চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা কাকপথাৰ উপ শাষা সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই আহিছিল । আৰক্ষী আৰু আবকাৰী বিভাগক বাৰম্বাৰ জনোৱাৰ পিছতো কোনোধৰণৰ কাৰ্যব্যৱস্থা হাতত নোলোৱাত আটছাই নিজা ববীয়াকৈ গ্ৰহণ কৰে চুলাইৰ ঘাটি উচ্ছেদ অভিযানত ৷ যাৰ বাবে দেওবাৰে অঞ্চলটোৰ চুলাই ঘাটি উচ্ছেদ কৰে সংগঠনটোৱে ।

আনহাতে, শীঘ্ৰে বনাঞ্চলখনত গঢ় লৈ উঠা চুলাইৰ ঘাটি সমূহ উচ্ছেদ নকৰিলে প্ৰশাসনৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

ABOUT THE AUTHOR

...view details