অসম

assam

ETV Bharat / state

শদিয়াত ক’ভিড ৰোগীক সহায়ৰ বাবে আগবাঢ়ি আহিছে বিজেপি কিষাণ মৰ্চা - BJP

শদিয়া জিলা তথা সমষ্টিটোৰ ক’ভিড আক্ৰান্ত ৰোগী তথা পৰিয়ালে সহায় বিচাৰিলে 7002639629 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই কিষাণ মৰ্চাৰ বিষয়ববীয়াই ৷

dangori phc story
শদিয়াত ক’ভিড ৰোগীক সহায়ৰ বাবে আগবাঢ়ি আহিছে বিজেপি কিষাণ মৰ্চা

By

Published : May 22, 2021, 2:17 PM IST

শদিয়া, 22 মে' :শদিয়াৰ ডাঙৰীত ক’ভিড আক্ৰান্ত ৰোগীক সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় জনতা পাৰ্টীৰ শদিয়া জিলা কিষাণ মৰ্চা ৷ শদিয়া জিলা কিষাণ মৰ্চাই শনিবাৰে ডাঙৰী স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ চিকিৎসকৰ লগত আলোচনা কৰি ক’ভিডত আক্ৰান্ত ৰোগীক সামৰ্থ অনুযায়ী সহায় কৰিবলৈ আহ্বান জনায় ৷ মৰ্চাই শদিয়া জিলা তথা সমষ্টিটোৰ যিকোনো স্থানৰ ক’ভিড আক্ৰান্ত ব্যক্তিক সহায় কৰিব বুলিও জানিবলৈ দিয়ে ৷

শদিয়াত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে এম্বুলেন্স তথা অন্য যিকোনো প্ৰয়োজনীয় সহায় কৰিবলৈ এই অভিযান চলোৱাৰ কথা জানিবলৈ দিয়ে বিজেপিৰ শদিয়া জিলাৰ কিষাণ মৰ্চাৰ শদিয়া জিলাৰ সম্পাদক তৰুণ হাজৰিকাই মত প্ৰকাশ কৰে ৷ লগতে শদিয়া জিলা তথা সমষ্টিটোৰ ক’ভিড আক্ৰান্ত ৰোগী তথা পৰিয়ালে সহায় বিচাৰিলে 7002639629 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই কিষাণ মৰ্চাৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক :সোঁ-শৰীৰে স্ব-গৃহলৈ ৰিতুল শইকীয়া

ABOUT THE AUTHOR

...view details