তিনিচুকীয়া, 21মাৰ্চ: সমাগত ২০২১ৰ নিৰ্বাচন । চমু চাপি আহিছে ২১ৰ বিধানসভাৰ নিৰ্বাচন ভোটদান প্ৰক্ৰিয়াৰ দিন । কিন্তু ইয়াৰ প্ৰাকক্ষণত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) গটং উপ-শাখা সমিতিৰ উদ্যোগত আৰু গেলাপুখুৰী, লিম্বুগুৰি, এথেলবাৰী তথা ধেলাখাট প্ৰাথমিক গোটৰ সহযোগত চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধিক লৈ প্ৰতিবাদ অব্যাহত আছে ।
উল্লেখ্য যে, চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰাক লৈ চাহ জনজাতি ছাত্ৰ সন্থাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদী তথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে শাসনাধীন চৰকাৰখনে । সেয়ে শনিবাৰে ২২ মাৰ্চত অসমৰ চাহ বাগান সমূহ বন্ধ দিয়াৰ ঘোষণা কৰে আটছায়ে ৷