ডুমডুমা,26 অক্টোবৰ:গোৰ্খাসকলৰ পৰম্পৰাগত উৎসৱ সমূহৰ ভিতৰত অন্যতম হৈছে দঁচৈ উৎসৱ ৷ আহিন বা কাতি মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ কৰি পূৰ্ণিমালৈকে এই উৎসৱ উলহ-মালহৰে পালন কৰা হয় । পৰম্পৰা অনুসৰি প্ৰতিপদ তিথিৰ আগদিনা 'তপৰী' (বিশেষভাৱে পাতেৰে নিৰ্মিত কাঁহী) ত মাটি ভৰাই গোমধান-যৱ আদি সিচি দি ঘৰৰ ভিতৰত ৰখা হয়, যাক জমৰা বুলি জনা যায় । প্ৰতিপদ তিথিৰ পৰা ষষ্ঠীলৈকে ধৰ্মগ্ৰন্থ পাঠ কৰা হয় ৷ প্ৰকৃততে সপ্তমী তিথিৰ পৰাহে দঁচৈ উৎসৱ পূৰ্ণ উদম্যৰে আৰম্ভ হৈ দশমী দিনাখন অন্ত পৰে ৷
গোৰ্খাসকলৰ দঁচৈ উৎসৱ উদযাপন - বিজয়া দশমী
দঁচৈ উৎসৱৰ মুখ্য দিনটো হৈছে বিজয়া দশমীৰ দিনটো । বিজয়া দশমীৰ দিনটো বহাগ বিহুৰ লগত সাদৃশ্য আছে ৷ গোৰ্খাসকলে বিজয়া দশমীৰ এই পবিত্ৰ দিনটোত চাউল আৰু দৈৰ সংমিশ্ৰিত দ্ৰব্য "টিক"(ফোঁট) কপালত লোৱা প্ৰথা প্ৰচলিত ৷ টিক লগোৱাৰ পিছত দক্ষিণা দিয়া, উপহাৰ আদান-প্ৰদান কৰাৰ পৰম্পৰা অতীজৰ পৰা চলি আহিছে ।
উল্লেখ্য যে, দঁচৈ উৎসৱৰ মুখ্য দিনটো হৈছে বিজয়া দশমীৰ দিনটো । বিজয়া দশমীৰ দিনটো বহাগ বিহুৰ লগত সাদৃশ্য আছে ৷ গোৰ্খাসকলে বিজয়া দশমীৰ এই পবিত্ৰ দিনটোত চাউল আৰু দৈৰ সংমিশ্ৰিত দ্ৰব্য "টিক"(ফোঁট) কপালত লোৱা প্ৰথা প্ৰচলিত ৷ টিক লগোৱাৰ পিছত দক্ষিণা দিয়া, উপহাৰ আদান-প্ৰদান কৰাৰ পৰম্পৰা অতীজৰ পৰা চলি আহিছে । গোৰ্খাসকলে দঁচৈ উৎসৱৰ লগত সংগতি ৰাখি ঝুলনা খেলা বা "লিংগে পিং" জাগৃতা পূৰ্ণিমা আদি ধুমধামেৰে পালন কৰে ৷ সম্প্ৰতি এনে ঐতিহ্য বহনকাৰী প্ৰথাবোৰ বিলুপ্তিৰ দিশত বুলি অনুমান কৰিব পাৰি ৷
লগতে চাওকঃবিজয়া দশমী: উখল-মাখল পাগলদিয়াৰ পাৰ