শদিয়া, 14 আগষ্টঃ সমাগত ২০২১ ৰ বিধানসভা নিৰ্বাচনত ১২৬নং শদিয়া বিধানসভা সমষ্টি উদ্ধাৰৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছ দলে ৷ শদিয়া সমষ্টিৰ ব্লক কংগ্ৰেছৰ অন্তৰ্গত শদিয়া বুঢ়াবুঢ়ী মণ্ডল কংগ্ৰেছ কমিটিৰ ৭ আৰু ৮ নং বুথ কমিটি গঠন কৰা হয় । "বুথলৈ যাওঁ আহক" নামৰ অনুষ্ঠানত ৰাইজ ওলাই অহাৰ উপৰিও নিজা দলৰ আদৰ্শ, সমতা, সত্য আৰু নিষ্ঠাক পুনৰোজ্জীৱিত কৰাত গুৰুত্ব প্ৰদান কৰিছে শদিয়াবাসী ৰাইজে ৷ "বুথলৈ যাওঁ আহক" অনুষ্ঠানত স্থানীয় বুথ কমিটিৰ কৰ্মকতা সদস্যৰ লগতে ৰাইজৰ উপস্থিতি আৰু সহযোগিতাই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে । শদিয়া বৰগড়া খেল পথাৰত অনুষ্ঠিত হোৱা সভাত শ শ পুৰুষ, মহিলা ওলাই আহি বিজেপি দলক প্ৰতিহত কৰাৰ সংকল্প গ্ৰহণ কৰে ।
শদিয়াত কংগ্ৰেছৰ "বুথলৈ যাওঁ আহক" শীৰ্ষক অনুষ্ঠান - কংগ্ৰেছ
শদিয়াত ২০২১ৰ নিৰ্বাচনত সমষ্টি উদ্ধাৰৰ চেষ্টা কংগ্ৰেছৰ ৷ গাঁৱে-ভূঞে আৰম্ভ কৰিছে বিভিন্ন কাৰ্যসূচী ৷ "বুথলৈ যাওঁ আহক" নামৰ শীৰ্ষক অনুষ্ঠানেৰে ৰাইজৰ মাজত কংগ্ৰেছ দলক পুনৰোজ্জীৱিত কৰাৰ চেষ্টা কংগ্ৰেছ কৰ্মীৰ ৷
শদিয়াত কংগ্ৰেছৰ "বুথলৈ যাওঁ আহক" শীৰ্ষক অনুষ্ঠান
তাৰোপৰি সমষ্টিটোৰ বিধায়ক বলীন চেতিয়াক তীব্ৰ ভাষাৰে সমালোচনা কৰি ৰাইজে সমষ্টিটোত চলি থকা মাফিয়াগিৰি, চিণ্ডিকেট, ঠিকাদাৰী ৰাজনিতীক নিপাত কৰাৰ লগতে তাৰ বিকল্প শুদ্ধ ৰাজনৈতিক ঘূৰাই আনি ৰাইজৰ প্ৰাপ্যতাক আজুৰি আনিবলৈ ৰাইজৰ লগত আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব বুলি মত প্ৰকাশ কৰে কংগ্ৰেছ দলৰ সম্ভাব্য প্ৰাৰ্থী বিৰিঞ্চি নেওগে ।
লগতে পঢ়কঃৰাঁচীত চীপ লোৱা অৱস্থাত উদ্ধাৰ পিটিআইৰ জ্যেষ্ঠ সাংবাদিকৰ মৃতদেহ