তিনিচুকীয়া,18 নৱেম্বৰ:বুধবাৰে বিস্তৃত কাৰ্যসূচী লৈ ডিব্ৰুগড়-তিনিচুকীয়াত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তিনিচুকীয়াৰ গুইজানত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে বহুকেইগৰাকী স্থানীয় বিধায়ক আৰু সাংসদ ৷
গুইজান পৰিদৰ্শন মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
কেইবাটাও কল্যাণকামী আঁচনিৰ কাৰ্যসূচী লৈ বুধবাৰৰ দিনটোত ডিব্ৰুগড় আৰু তিনিচুকীয়াত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে আন কেইবাজনো মন্ত্ৰী-বিধায়কে ৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
মুখ্যমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ নদীৰ (অনন্ত নলা) গড়াৰ পুনৰ নিৰ্মাণ আৰু উন্নয়নৰ লগতে স্বৰ্গদেও সৰ্বানন্দ সিংহৰ সমাধিক্ষেত্ৰ, গুইজানৰ দাঁতি কাষৰীয়া অঞ্চলৰ সুৰক্ষা আৰু সৌন্দৰ্য বৰ্ধন আঁচনিৰ শুভাৰম্ভ কৰে ৷ আঁচনিসমূহৰ শুভাৰম্ভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে মন্ত্ৰীৰ দলটোৱে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নৌকাৰে পৰিদৰ্শন কৰে ৷
লগতে চাওকঃদুলীয়াজান অধিৱেশনে ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াব: লুৰিণজ্যোতি গগৈ