তিনিচুকীয়া,24 ফেব্ৰুৱাৰীঃমঙলবাৰে তিনিচুকীয়া জিলাৰ জৰিগুৰিৰ বালোপাৰা গাঁৱত চিভিক একচন কাৰ্যসূচীৰ অন্তৰ্গত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ উদ্যোগত স্থানীয় গাঁওবাসীৰ মাজত সৌৰশক্তি চালিত এলইডি লাইট বিতৰণ কৰা হয় । গাঁওবাসীয়ে নিশাৰ সময়ত এই লাইটৰ সহায়ত ঘৰুৱা কাম-কাজসমূহ কৰাৰ উপৰিও বিজুলী নথকাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ বাবে উপযোগী হোৱাৰ কথা উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।
শিক্ষাৰ্থীৰ সুবিধাৰ্থে সৌৰশক্তি চালিত লাইট বিতৰণ - শিক্ষাৰ্থীৰ সুবিধাৰ্থে সৌৰশক্তি চালিত লাইট বিতৰণ
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ উদ্যোগত গাঁওবাসীৰ মাজত সৌৰশক্তি চালিত এলইডি লাইট বিতৰণৰ কাৰ্যসূচী গ্ৰহণ ৷ তিনিচুকীয়াৰ জৰিগুৰিৰ বালোপাৰা গাঁৱত পালন কৰা হৈছে এই কাৰ্যসূচী ৷
উল্লেখযোগ্য যে, স্থানীয় গাঁওবাসীসকলে নিশাৰ সময়ত বিজুলী নথকাৰ বাবে কষ্ট ভোগ কৰিবলগীয়া হয় । এই বিতৰণ কাৰ্যসূচীত ৬৮ নং বেটেলিয়নৰ কমাণ্ডেণ্ট কে এন নিগমৰ লগতে উপ-আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিকে ধৰি আৰক্ষী-প্ৰশাসনৰ কেইবাজনো বিষয়াৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷
স্থানীয় লোকসকলে এই কাৰ্যসূচীৰ বাবে চিআৰপিএফৰ ৬৮ নং বেটেলিয়নক ধন্যবাদ জ্ঞাপন কৰে । এই কাৰ্যসূচীৰ জৰিয়তে প্ৰায় ১০০ টা সৌৰশক্তি চালিত লাইট বিতৰণ কৰা হয় । জন সাধাৰণ আৰু আৰক্ষীৰ মাজত যাতে এক সু-সম্পৰ্ক গঢ়ি উঠে, তাৰ বাবে এনেধৰণৰ বিভিন্ন কাৰ্যসূচী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দ্বাৰা সময়ে সময়ে লৈ থকা হ'ব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান