ছেবাৰ বিৰুদ্ধে ডুমডুমাত চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - উত্তাল প্ৰতিবাদ
বৈচিত্ৰ্যময় অসম শীৰ্ষক বিষয়ত চুতীয়া জাতিৰ ইতিহাস সন্নিৱিষ্ট নকৰাৰ প্ৰতিবাদত শুকুৰবাৰে চুতীয়া ছাত্ৰ সন্থাই উত্তাল কৰি তোলে ডুমডুমা ৷
ডুমডুমা,2 আগষ্টঃ ছেবাৰ প্ৰতিলিপি দাহ কৰি বৈচিত্ৰ্যময় অসমত চুতীয়াসকলক অন্তভুৰ্ক্তিৰ দাবী । বৈচিত্ৰময় অসম নামৰ পাঠ্যপুথিত অসমৰ আদিম ভূমিপুত্ৰ চুতীয়াসকলৰ বুৰঞ্জীক সন্নিবিষ্ট নকৰাত জাঙুৰ খাই উঠিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা । অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া সকলক এই পাঠ্যক্ৰমত অন্তভুৰ্ক্ত নকৰাত ছেবাই জাৰি কৰা নটিফেকেছন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ডুমডুমা আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই । ডুমডুমা এ এছ টি ছি বাছ আস্থানৰ সন্মুখত শুকুৰবাৰে প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি চুতীয়া সকলৰ বুৰঞ্জীক নৱম আৰু দশম শ্ৰেণী পাঠ্যক্ৰমত অন্তভুৰ্ক্ত কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৱে ।