তিনিচুকীয়া, ১ অক্টোবৰ :শনিবাৰে নিশা তিনিচুকীয়াৰ কেন্দ্ৰীয় কৰম সন্মিলনত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াত উপস্থিত হৈ পৰম্পৰাগতভাৱে কৰম পূজাত আশীষ লোৱাৰ লগতে ডিঙিত আঁৰি লয় মাদল ৷
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাদলত চাপৰ মৰাৰ বিপৰীতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে জুৰে ঝুমুৰ ৷ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ ঝুমুৰ আৰু কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাদলৰ ছেৱে ছেৱে ঝুমুৰ নাচিলে চাহ জনগোষ্ঠীৰ গাভৰুসকলে ৷ পৰৱৰ্তী সময়ত সকলো জাতিজনগোষ্ঠীক লগত লৈ কেন্দ্ৰীয় কৰম সন্মিলনভাগ আয়োজন কৰাৰ বাবে উদযাপন সমিতিৰ সভাপতি তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণক ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে চাহ শ্ৰমিক ৰাইজৰ কৰ্মক শ্ৰদ্ধা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লগতে তেওঁ সকলোলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱাৰ দৰে কৰ্মসংস্কৃতিৰ জৰিয়তে দেশখন আগুৱাই নিয়াত সহায় সহযোগ কৰিবলৈ আহ্বান জনায় ৷