মাৰ্ঘেৰিটা, 11 অক্টোবৰঃ দুদিনীয়া ভ্ৰমণসূচীৰে মাৰ্ঘেৰিটাত উপস্থিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী ৷ বৃহস্পতিবাৰে উক্ত ভ্ৰমণসূচীৰ প্ৰথম দিনটোতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জয়ৰামপুৰত উপস্থিত হৈ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানতে প্ৰহ্লাদ যোশীয়ে ক'ল ইণ্ডিয়াৰ তৰফৰ পৰা চি এচ আৰৰ অধীনত কেইবাটাও আঁচনি ঘোষণা কৰে ৷
দুদিনীয়া ভ্ৰমণসূচীৰে মাৰ্ঘেৰিটাত কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী - ৰামেশ্বৰ তেলী আৰু ভাস্কৰ শৰ্মা
দুদিনীয়া ভ্ৰমণসূচীৰে মাৰ্ঘেৰিটাত কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী ৷ ভ্ৰমণসূচীৰ প্ৰথম দিনটোতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে জয়ৰামপুৰত উপস্থিত হৈ ক'ল ইণ্ডিয়াৰ তৰফৰ পৰা চি এচ আৰৰ অধীনত কেইবাটাও আঁচনি ঘোষণা কৰে ৷
দুদিনীয়া ভ্ৰমণসূচীৰে মাৰ্ঘেৰিটাত কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী
নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে উত্থাপন কৰা কয়লা চিণ্ডিকেট সন্দৰ্ভত তেখেতে মন্তব্য কৰি কয় যে, তেওঁৰ হাতত থকা তথ্য দাখিল কৰিলে প্ৰয়োজনীয় ব্যৱস্থা হাতত লোৱা হ'ব । লগতে তেখেতে উত্তৰ পূব কয়লা ক্ষেত্ৰ বন্ধৰ কোনো সম্ভাৱনীয়তা নাই বুলিও ব্যক্ত কৰে ৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে খাদ্য সংশাধনৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ৷
উল্লেখ্য যে, শুক্ৰবাৰে ক'ল ইণ্ডিয়াৰ বিষয়ববীয়াৰ সৈতে এক আলোচনাত মিলিত হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷