তিনিচুকীয়া, ২৩ আগষ্ট:তিনিচুকীয়া জিলাৰ নতুন ৰঙাগড়া গাঁৱৰ সমাজকৰ্মী ভূপেন গোহাঁইয়ে (Bhupen Gohain) ৮০ বছৰ বয়সত ৰচনা কৰি উলিয়াইছে 'বনৰীয়া' শীৰ্ষক এখন গ্ৰন্থ(Book released in Tinisukia)। সোমবাৰে নতুন ৰঙাগড়া গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এই গ্ৰন্থখনৰ উন্মোচন কৰে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে সমাজকৰ্মী জগন্নাথ চেতিয়া আৰু পৰিৱেশকৰ্মী মনোজ হাজৰিকা ।
উন্মোচনী অনুষ্ঠানত স্থানীয় বিধায়ক পোনাকণ বৰুৱাই(MLA Ponakon Baruah)কয় যে এই গ্রন্থখন খুব সুন্দৰ হৈছে । পাঠক সমাজক আকৰ্ষিত কৰিব পৰাকৈ ভাষা তথা বাক্যৰ গাঁথনি সাৱলীল হৈছে বুলি তেওঁ উল্লেখ কৰে । আনহাতে,উক্ত উন্মোচনী অনুষ্ঠানৰ যোগেদি গ্ৰন্থকাৰ ভূপেন গোহাঁইৰ পুত্ৰ তথা পৰিৱেশকৰ্মী নিৰন্ত গোহাঁইয়ে থলুৱা পশু-পক্ষী, জীৱ-জন্তু, সভ্যতা-সংস্কৃতিৰ ওপৰত লিখা গ্ৰন্থখনে পঢ়ুৱৈ সমাজে অতি কম সময়ৰ ভিতৰত আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে(Discussion on Environment)। এই অনুষ্ঠানটোতেই পৰিৱেশকৰ্মী মনোজ হাজৰিকাই কয় যে গ্ৰন্থখনত বহু সমল আছে আৰু গ্ৰন্থখন পঢ়ুৱৈ সমাজে অধ্যয়ন কৰি যথেষ্ট উপকৃত হ'ব ।