তিনিচুকীয়া, 7 ফেব্ৰুৱাৰী :তিনিচুকীয়াৰ ছটা হাপজান 23 নং লাইন প্ৰাথমিক বিদ্যালয়ত শনিবাৰে অনুষ্ঠিত হৈ যায় এখনি গ্ৰন্থ মেলা ৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষক ঘনদ্বীপ বৰুৱাৰ নেতৃত্বত তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে বিদ্যালয়ত আয়োজন কৰা হয় গ্ৰন্থমেলাৰ ৷
হাপজান খণ্ডৰ অন্তৰ্গত প্ৰায় 15 খন বিদ্যালয়ৰ এহেজাৰৰো অধিক কণ কণ শিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰে এই গ্ৰন্থ মেলাত ৷ আনকি গ্ৰন্থ মেলাত অংশগ্ৰহন কৰাৰ লগতে শিক্ষাৰ্থীসকলে নিজৰ সাঁচতীয়া ধনেৰে গ্ৰন্থ ক্ৰয় কৰাও পৰিলক্ষিত হয় ৷