তিনিচুকীয়া, 15 ফেব্ৰুৱাৰীঃতিনিচুকীয়াত এগৰাকী বিজেপি কৰ্মীয়ে ফেচবুকত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাক লৈ সৰৱ হৈ পৰিছে তিনিচুকীয়া আছু ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰিছিল চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং গুইজান জিলা পৰিষদৰ সদস্য সঞ্জয় দাসে ৷
লুৰিণজ্য়োতি গগৈৰ বিৰুদ্ধে তুলঙা মন্তব্য কৰি আছুৰ ৰোষত বিজেপি সদস্য - আছুৰ ৰোষত চাবুৱাৰ সঞ্জয় দাস
বিজেপি কৰ্মী সঞ্জয় দাসে লুৰিণজ্যোতি গগৈক গৰু চোৰৰ লগত তুলনা কৰাৰ লগতে বিভিন্ন বিৰূপ মন্তব্য কৰাৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে এতিয়া সঞ্জয় দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা ৷
লগতে পঢ়কঃ "কা" বিৰোধী আন্দোলনক সমগ্ৰ ভাৰতবৰ্ষত একত্ৰিত কৰাৰ উদ্দেশ্যেৰে অসমলৈ আহিছো :যোগেন্দ্ৰ যাদৱ
বিজেপি কৰ্মী সঞ্জয় দাসে লুৰিণজ্যোতি গগৈক গৰু চোৰৰ লগত তুলনা কৰাৰ লগতে বিৰূপ মন্তব্য কৰাৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে এতিয়া সঞ্জয় দাসৰ ওপৰত সৰৱ হৈ পৰিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা ৷ শুকুৰবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিজেপি কৰ্মীজনৰ বিৰূপ মন্তব্যৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতিশীঘ্ৰে সঞ্জয় দাসক গ্ৰেপ্তাৰৰ দাবীত তিনিচুকীয়া সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷
TAGGED:
আছুৰ ৰোষত চাবুৱাৰ সঞ্জয় দাস