শদিয়া,19 মাৰ্চ :সমাগত নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ নিৰ্বাচনী প্ৰচাৰ সভাসমূহৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাবলৈ লৈছে হিংসাত্মক ঘটনাসমূহো ৷ বৃহস্পতিবাৰে নিশা কাকপথাৰ চেলেংগুৰীত কোনো দুৰ্বৃত্তই ভাঙি লণ্ড-ভণ্ড কৰে ভাৰতীয় জনতা পাৰ্টীৰ এটা নিৰ্বাচনী কাৰ্যালয় ৷ দুৰ্বৃত্তই কাৰ্যালয়টোৰ চাৰিবেৰ ভাঙি নষ্ট কৰে ৷
নিৰ্বাচনী হিংসা:ফালি পেলালে বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্যালয় - ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী
কাকপথাৰ চেলেংগুৰীত নিশা দুৰ্বৃত্তই ভাঙি লণ্ড-ভণ্ড কৰিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় ৷ ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপেশ গোৱালাৰ ছবিৰে সু-সজ্জিত কাৰ্যালয়টোৰ বেনাৰ, পোস্তাৰ সমূহ ফালি নি আঁতৰত পেলাই থৈ যায় দুস্কৃতিকাৰীয়ে ৷ ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰ ৷
কাকপথাৰত বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্যালয় লণ্ড-ভণ্ড
জানিব পৰা অনুসৰি, ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপেশ গোৱালাৰ ছবিৰে সু-সজ্জিত কাৰ্যালয়টোৰ বেনাৰ, পোস্তাৰ সমূহ ফালি নি আঁতৰত পেলাই থৈ যায় দুস্কৃতিকাৰীয়ে ৷ বৰ্তমানলৈকে এই ঘটনাৰ সৈতে কোন জড়িত জানিব পৰা হোৱা নাই যদিও কাকপথাৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত স্থানীয় বিজেপি নেতা কৰ্মীয়ে দাখিল কৰিছে এজাহাৰ ৷
অন্য এক খবৰৰ বাবে: জনীয়াৰ মহাজোঁটৰ প্ৰাৰ্থী ড° ৰফিকুল ইছলামৰ মনোনয়ন দাখিল