তিনিচুকীয়া, ৪ জানুৱাৰী:ডিগবৈ ১নং বৰবিল প্ৰাথমিক বিদ্যালয়ত দেওবাৰে বীৰ লাচিত সেনা আঞ্চলিক সমিতি গঠন কৰা হয় । দ্বীৱন বৰুৱাৰ সভাপতিত্বত ৫১ জনীয়া এখন আঞ্চলিক সমিতি গঠন কৰা হয় । তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিপুল শৰ্মা, যুটীয়া সম্পাদক ভৃগু বুঢ়াগোহাঁই, মুখ্য সচিব হেমন্ত বড়াকে আদি কৰি কেইবাজনো জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত এই আঞ্চলিক সমিতিৰ গঠন হয় ।
দেওবাৰে গঠন হোৱা ৫১ জনীয়া নৱগঠিত ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতিৰ দ্বায়িত্ব অৰ্পণ কৰা হয় পুলিন হাজাৰিকাক, উপ সভাপতি দ্বীৱন বৰুৱা, সাধাৰণ সম্পাদক জয়ন্ত কলিতা আৰু মুখ্য সাংগঠনিক সম্পাদক জিৎপল গগৈক । অনাগত দিনত ৰাজ্যখনৰ শান্তি-শৃংখলা সন্দৰ্ভত নতুনকৈ গঠন হোৱা ডিগবৈ আঞ্চলিক সমিতিয়ে পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ স্বাৰ্থত মাত মাতি যাব বুলি উক্ত সভাত জনায় ।