অসম

assam

ETV Bharat / state

তেলৰ দাম বৃদ্ধিৰ কাৰণ ব্যাখা তেলীৰ; হতভম্ব ৰাইজ - smss

এফালে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি, আনফালে শাসকীয় নেতাৰ উদ্ভট মন্তব্য ৷ নিজৰ স্থিতিত অটল চৰকাৰ, দেশত চহা জনতাৰ হাহাকাৰ ৷ ইয়াৰ মাজতে কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ’লীয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে দিছে মূল্যবৃদ্ধিৰ বিশ্লেষণ ৷

based-on-rameswar-tell-bytes-as10027
তেলৰ দাম বঢ়াৰ কাৰণ জনালে তেলীয়ে

By

Published : Oct 10, 2021, 7:22 PM IST

তিনিচুকীয়া, 10 অক্টোবৰ :পৰিৱৰ্তনৰ শ্ল’গান দি শাসনৰ গাদীলৈ অহা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ দিনতে এতিয়া মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে ৰাইজক । দিনক দিনে বৃদ্ধি পাইছে পেট্ৰ’ল- ডিজেল, ৰন্ধন গেছ আৰু নিত্যব্যৱহাৰ্য সমগ্ৰীৰ মূল্য । যাৰ ফলত মূল্যবৃদ্ধি ৰোধ কৰিবলৈ বিভিন্ন ঠাইত বিভিন্ন সময়ত হৈছে প্ৰতিবাদ । কিন্তু, ইয়াকলৈ যেন মুঠেও চিন্তিত নহয় শাসনাধিস্থিত বিজেপি চৰকাৰ ৷

তেলৰ দাম বঢ়াৰ কাৰণ জনালে তেলীয়ে

ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ নাভূত-নাশ্ৰুত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷ মন্ত্ৰীগৰাকীৰ মতে পেট্ৰ’লৰ দাম বেছি হোৱা নাই, তাত টেক্স লগোৱা থাকে । ভেকচিনৰ বাবদ হোৱা খৰচৰ বাবেও চৰকাৰক লাগিব ধন ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এই বক্তব্যত জাঙুৰ খাই উঠিছে দল-সংগঠন ৷ সৰৱ হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও ৷ তিনিচুকীয়াতো দেখা গ’ল প্ৰতিবাদৰ জোৱাৰ ৷

উল্লেখযোগ্য যে, বিগত সময়চোৱাত বিজেপি দলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ ভূমিকা লোৱা দেখা গৈছিল ৷ জনসাধাৰণক বহু আশ্বাস দি শাসনৰ মছনদত বহিবলৈ সক্ষম হৈছিল বিজেপি চৰকাৰ । কিন্তু,আশ্বৰ্যকৰ কথা যে ''জনতা মাফ নেহী কৰেগী'' শ্ল’গান দিয়া বিজেপিৰ দিনত তেলৰ দামে শতক অতিক্ৰম কৰিলে ৷ ইয়াৰ পিছত এতিয়া জনতাই এই চৰকাৰ খনক মাফ কৰে নে নকৰে সেইয়া 2024 চনৰ নিৰ্বাচনত হে পোহৰলৈ আহিব ৷

লগতে পঢ়ক :Byju's য়ে বন্ধ কৰিলে শ্বাহৰুখৰ সকলো বিজ্ঞাপন

ABOUT THE AUTHOR

...view details