অসম

assam

ETV Bharat / state

ক্ষতিপূৰণ পাবনে বাঘজানবাসীয়ে ? - প্ৰতিবাদী কাৰ্যসূচী

বৃহস্পতিবাৰে বাঘজানত প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে বাঘজান EPSৰ প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লগতে বাঘজান BGR-5 নম্বৰ তৈল খাদলৈ যোৱা পথ অৱৰোধ কৰি দিয়ে ৷

ক্ষতিপূৰণ পাবনে বাঘজানবাসীয়ে ?
ক্ষতিপূৰণ পাবনে বাঘজানবাসীয়ে ?

By

Published : Sep 17, 2020, 6:58 PM IST

তিনিচুকীয়া, 17 ছেপ্টেম্বৰ: আশ্বাসতেই আবদ্ধ বাঘজানবাসী ৷ দিন বাগৰি গ'ল কিন্তু পৰিৱেশ সলনি নহ'ল ৷ জনপ্ৰতিনিধিৰ বিভিন্ন প্ৰতিশ্ৰুতি দিছে যদিও সেইবোৰ ফুটুকাৰ ফেন হৈ পৰিছে ৷ বৃহস্পতিবাৰৰ পৰা বাঘজানত আৰম্ভ হৈছে প্ৰতিবাদ ৷ প্ৰাপ্য ক্ষতিপূৰণৰ বাবে বাৰে বাৰে প্ৰতিশ্ৰুতিতেই সীমাবদ্ধ হৈ ৰৈছে বাঘজানবাসী ৷

ক্ষতিপূৰণ পাবনে বাঘজানবাসীয়ে ?

বাঘজান কাণ্ডই ১১৬ দিন অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত ক্ষতিগ্ৰস্ত লোকসকলে কোনোধৰণৰ ক্ষতিপূৰণ লাভ নকৰিলে। অইল ইণ্ডিয়া, চৰকাৰ তথা জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি পৰ্যন্ত কেৱল মাত্ৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ বাহিৰে একোৱেই লাভ কৰা নাই বাঘজান-কলীয়াপানীৰ ৰাইজে ৷

যাৰ প্ৰতিবাদত বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বাঘজানৰ ৰাইজে । প্ৰতিবাদকাৰীসকলে বৃহস্পতিবাৰে বাঘজান EPS ৰ প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লগতে বাঘজান BGR-5 নম্বৰ তৈলখাদলৈ যোৱা পথ অৱৰোধ কৰি দিয়ে ৷

ক্ষতিপূৰণ পাবনে বাঘজানবাসীয়ে ?

ইপিনে উচিত ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত অনিৰ্দিষ্ট কালৰ বাবে অইলৰ কাম কাজ অৱৰোধ কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখ্য যে,ক্ষতিগ্ৰস্ত লোকসকলক উচ্চিত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত আন্দোলন চলাই গৈছে যদিও ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷ প্ৰশ্ন হয় প্ৰতিবাদতেই ৰৈ যাব নেকি বাঘজানবাসীৰ প্ৰাপ্য ?

ABOUT THE AUTHOR

...view details