অসম

assam

ETV Bharat / state

Tinsukia lottery scam: বিতৰ্কিত লটাৰী কাণ্ডত জড়িত আটাছুৰ সভাপতিৰ অগ্ৰীম জামিন আবেদন নাকচ - Tinsukia lottery scam

তিনিচুকীয়াৰ 2নং কদমনিৰ বহু বিতৰ্কিত লটাৰী কাণ্ডৰ সৈতে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁই জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে ৷ তিনিচুকীয়া আৰক্ষীয়েও শেহতীয়াকৈ বিষয়টো স্পষ্ট কৰি দিছে ৷

Tinsukia lottery scam
বিতৰ্কিত লটাৰী কাণ্ড

By

Published : Jul 9, 2023, 2:13 PM IST

তিনিচুকীয়া, 9 জুলাই : তিনিচুকীয়াৰ 2নং কদমনিৰ বহু বিতৰ্কিত লটাৰী কাণ্ডৰ সৈতে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁই জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ পোহৰলৈ অহা এক জামিন আবেদনে লটাৰি কাণ্ডটোৰ সৈতে নেতাগৰাকী জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে ৷ অৱশ্যে তিনিচুকীয়া আৰক্ষীয়েও শেহতীয়াকৈ বিষয়টো স্পষ্ট কৰি দিছে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, জনৈক বুঢ়াগোহাঁইয়ে লটাৰী খেলখনৰ পৰিচালনা সমিতিৰ পৰা নগদ এক লাখ টকা লৈছিল ৷ জানিব পৰা মতে তিনিচুকীয়া আৰক্ষীৰ তৎপৰতাত লটাৰী কাণ্ডৰ সৈতে জড়িত ইজনৰ পিছত সিজন জালত পৰাত আত্মগোপন কৰি থকাৰ মাজতে আটাছু নেতাগৰাকীয়ে তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অগ্ৰীম জামিনৰ বাবে আবেদন কৰিছিল ৷ পিচে আৰক্ষীৰ কেছ ডায়েৰী পৰ্যবেক্ষণ কৰাৰ পিছত তিনিচুকীয়াৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ চিত্ৰাৰাণী শইকীয়াৰ আদালতে নেতাগৰাকীৰ জামিন নামঞ্জুৰ কৰে ৷ তিনিচুকীয়া সদৰ থানাৰ ভাৰতীয় দণ্ডবিধি আইনৰ 120(বি)/406/420/468 ধাৰাৰ বিপৰীতে পঞ্জীয়ন হোৱা 379/2023 নং গোচৰত অগ্ৰীম জামিন বিচাৰি আবেদন কৰিছিল আটাছু নেতাগৰাকীয়ে ৷

এই গোচৰত অভিযুক্ত আন এজন আটাছুৰ কেন্দ্ৰীয় নেতাৰ জামিন আবেদনকাৰী সীমান্ত গগৈৰো জামিন একেখন আদালতে নামঞ্জুৰ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ উল্লেখযোগ্য যে, তিনিচুকীয়াৰ 2 নং কদমনি নামঘৰৰ সাহাৰ্যৰ নামত আয়োজন কৰা কেইবাকোটি টকীয়া উপহাৰ খেলখনৰ বাবে নাছিল জিলা প্ৰশাসনৰ অনুমতি ৷ কেৱল অবৈধভাৱে ধন ঘটাৰ লক্ষ্যৰেই খেলখন আয়োজন কৰা হৈছিল ৷ সৰ্বসাধাৰণক বিলাসী বাহনৰ লোভ দেখুৱাই অসমৰ চুকে-কোণে বিক্ৰী কৰা হৈছিল টিকট ৷ অবৈধ খেলখন আয়োজন কৰাৰ বিপৰীতে দল-সংগঠনৰ নেতা, স্বয়ম্ভু সাংবাদিকক মেনেজ কৰা হৈছিল ৷ শেষত সৰ্বসাধাৰণৰ অজ্ঞাতে গোপন স্থানত অবৈধ পন্থাৰে খেল অনুষ্ঠিত কৰি ইয়াৰ ফলাফল সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিল ৷

কিন্তু তিনিচুকীয়া আৰক্ষীয়ে খেলখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰম্ভ কৰা তদন্তত সকলো ফাদিল হৈ পৰে ৷ ইতিমধ্যে আৰক্ষীয়ে এই বিতৰ্কিত লটাৰি কাণ্ডৰ সৈতে জড়িত দুই সাংবাদিক সন্তোষ ফুকন আৰু সৌৰভ চৌধুৰীৰ লগতে শিৱসাগৰৰ ৰিংকু নাথ, দীপাংকৰ নাথ, মানৱজ্যোতি নাথ, লাইপুলিৰ পাৰ্থদ্বীপ চেতিয়া, হৃদয় কুৰ্মী, গুণদ্বীপ চেতিয়া, নীলপৱন চেতিয়া আৰু মুন বৰুৱাক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছে ৷ তেওঁলোকে লগতে লটাৰি খেলখনৰ বাবে ক্ৰয় কৰা তিনিখন বাহন, দুখন স্কুটি আৰু এখন মটৰ চাইকেলো জব্দ কৰিছে ৷ পিচে লটাৰি কাণ্ডটোৰ মূল মাষ্টাৰমাইণ্ড শিৱসাগৰ জিলাৰ বকতা নাথ গাঁৱৰ ভাস্কৰ নাথ আৰু খেলখনৰ অন্যতম বিচাৰক তথা লাইপুলিৰ বিজেপি নেতা শৰৎ চাংমাইক এইপৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ এই দুই পলাতক আৰক্ষীৰ জালত পৰিলে কাণ্ডটোৰ সৈতে জড়িত আৰু বহুকেইজনৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷ আনফালে জামিন বিচাৰি মুখ থেকেচা খোৱা আটাছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীৰ ক্ষেত্ৰত তিনিচুকীয়া আৰক্ষীৰ পৰৱৰ্তী স্থিতি কি হ'ব সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক:Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ টেঙাখাত-চাবুৱা সংযোগী মূল পথত নিশা ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details