ডুমডুমা 20, ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইন আৰু EIA বাতিল কৰাৰ লগতে অসম চুক্তিৰ ৬ নং দফা শীঘ্ৰেই কাৰ্যকৰীকৰণৰ দাবীত শুকুৰবাৰে ডুমডুমাত আছুৱে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই নিজ কাৰ্যালয়ৰ সন্মূখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।
আছুৰ কৰ্মকৰ্তাসকলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, EIA বাতিল কৰক, অসম চুক্তিৰ ৬ নং দফা শীঘ্ৰে কাৰ্যকৰীকৰণ কৰক আদিৰ লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি সাব্যস্ত কৰে প্ৰতিবাদ ।