তিনিচুকীয়া, 17 ফেব্ৰুৱাৰী: ৰাজ্যত স্থাপন কৰা হ’ব 60 লাখ বেম্বু নাৰ্ছাৰী (Bamboo nursery for ethanol production), উজনিত স্থাপন হ’ব 12 টা বেম্বু গুদাম ৷ ইয়াৰ লগে লগেই ৰাজ্যত সহজলভ্য হৈ পৰিব ইথানল উৎপাদন ৷ ইতিমধ্যেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত কেন্দ্ৰই অসমৰ বিভিন্ন স্থানত ইথানল প্ৰকল্প, বেম্বু নাৰ্ছাৰী আৰু বেম্বু গুদাম স্থাপনৰ আঁচনিও গ্ৰহণ কৰিছে ।
উল্লেখ্য যে, ফিনলেণ্ডৰ কাৰিকৰী প্ৰযুক্তিৰ সহায়ত ভাৰতৰ বিভিন্ন ঠাইত বাঁহ, ধান খেৰ, চাউল আদি সামগ্ৰীৰে ইথানল উৎপাদন প্ৰক্ৰিয়া (Ethanol production in India) আৰম্ভ হৈছে । এইক্ষেত্ৰত অসমো পিচ পৰি ৰোৱা নাই ৷ সৌ সিদিনালৈকে পেট্ৰ'লত ইথানল সংমিশ্ৰণ প্ৰক্ৰিয়া বহুতৰে বাবে সপোন হৈ পৰিছিল । কিন্তু এতিয়া এয়া বাস্তবায়িত হোৱাৰ পথত । পেট্ৰ’লচালিত বাহনখনত এতিয়াৰে পৰা ব্যৱহাৰ কৰিব পৰা হ’ব বাঁহ, ধান খেৰ, চাউল আদিৰ পৰা উৎপাদিত ইথানল (Ethanol production in Assam) ।
ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ অভিলাষী আঁচনি । অসমত প্ৰাৰম্ভিক অৱস্থাত 7 টা ইথানল প্ৰকল্প স্থাপন হ'ব আৰু এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় বাঁহৰ চাহিদা পূৰণৰ বাবে ৰাজ্যত স্থাপন কৰা হ'ব 60 লাখ বেম্বু নাৰ্ছাৰী । এই বেম্বু নাৰ্ছৰীসমূহ স্থাপনৰ বাবে কেন্দ্ৰই ব্যয় কৰিব 9 কোটি টকা । কেৱল বেম্বু নাৰ্ছাৰীয়ে নহয়, উজনি অসমত স্থাপন হ'ব ১২ টা বেম্বু গুদামো (Assam Ethanol Production) ।