তিনিচুকীয়া, 26 এপ্ৰিলঃ যোৰহাট জিলাৰ অন্তৰ্গত বৰহোলা বিষাক্ত চুলাই খাই মৃত্যু হোৱা 62 জন লোকৰ সন্তানসমূহৰ শিক্ষাৰ দায়িত্ব ল'লে বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে৷ শুকুৰবাৰে আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ বিষয়বৱীয়া সকলে 8 নম্বৰ লাইনৰ অনাথ হোৱা 3 টা শিশুৰ পঢ়ুৱাওৰ দায়িত্ব লয় ৷
চুলাই ট্ৰেজেদী! 3 অনাথ শিশুৰ দায়িত্ব ললে বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ - child education
সামান্য কেইটামান টকা ঘোষণা কৰি অনাথ শিশুৰ প্ৰতি দায়িত্ব সামৰিলে চৰকাৰে আৰু সেই দায়িত্ব পালন কৰিলে বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে ৷
চুলাই ট্ৰেজেদী! 3 অনাথ শিশুৰ গুৰু দায়িত্ব পালন বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে
আৰু পঢ়ক অৱশেষত নুনমাটি আৰক্ষীৰ জালত শিশু ধৰ্ষণকাৰী
ক্ৰমান্নয়ে অন্ধকাৰৰ গৰাহলৈ যোৱা এই শিশু সকলৰ গুৰু দায়িত্ব আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে লোৱাৰ কথা প্ৰকাশ কৰে ৷ উল্লেখ্য যে মাত্ৰ কেইটামান টকা দি নিজ দায়িত্ব সামৰা চৰকাৰ খনৰ আগত লগতে সমাজত এক অনন্য উদাহৰণ দাঙি ধৰে সংগঠনটোৱে৷